ডিজিটেল ডেস্ক: পাকিস্তানৰ দুৰৱস্থা দেখি আমি ভাৰতবাসীয়ে হাঁহিলেও শেহতীয়া এখন প্রতিবেদনত প্রকাশ পাইছে অন্য এখন প্রতিচ্ছবি। সুখৰ ক্ষেত্ৰত পাকিস্তান ভাৰততকৈ বহুত আগস্থানত আছে।
ৰাষ্ট্ৰসংঘই বুধবাৰে প্ৰকাশ কৰা 'ৱৰ্ল্ড হেপ্পিনেছ ৰিপ'ৰ্ট ২০২৬' মতে সুখী দেশৰ তালিকাত ১৪৭খন দেশৰ ভিতৰত ভাৰত আছে ১১৬সংখ্যক স্থানত।২০২৫ বৰ্ষত ভাৰত এই তালিকাৰ ১১৮সংখ্যক স্থানত আছিল। ইয়াৰ বিপৰীতে পাকিস্তান আছে ১০৪সংখ্যক স্থানত। একেৰাহে নৱমবাৰৰ বাবে তালিকাৰ শীৰ্ষ স্থানত আছে ফিনলেণ্ড।
আনহাতে আঢ়ৈ বছৰ ধৰি যুদ্ধৰত ইজৰাইল আছে অষ্টম স্থানত। এইবাৰ ইংৰাজী ভাষী কোনো দেশৰে শীৰ্ষ ১০টা স্থানত নাম নাই। এই তালিকাত আমেৰিকা ২৩সংখ্যক, কানাডা ২৫সংখ্যক আৰু ব্রিটেইন ২৯সংখ্যক স্থানত আছে। সুখী শীর্ষ ১০খন দেশৰ ভিতৰত থকা আন দেশসমূহ হৈছে-দ্বিতীয় আইচলেণ্ড, তৃতীয় ডেনমার্ক, চতুৰ্থ কোষ্টাৰিকা আৰু পঞ্চম ছুইডেন; ষষ্ঠ স্থানত নৰৱে, সপ্তমত নেদাৰলেণ্ড, অষ্টমত ইজৰাইল, নৱমত লাক্সেমবার্গ আৰু দশমত ছুইজাৰলেণ্ড। তালিকাৰ সর্বনিম্ন স্থানত আছে যুদ্ধৰত কিছু দেশ। এই তালিকাত আটাইতকৈ অসুখী দেশৰ স্থানত আছে আফগানিস্তান।
আফগানিস্তানৰ ওপৰত আছে ক্রমে ছিয়েৰা লিওন, মালাৱী। আটাইতকৈ অসুখী ১০খন দেশৰ আনকেইখন হ'ল জিম্বাবুৱে, ব'টছোৱানা, য়েমেন, ডি আৰ কংগো, ইজিপ্ট আৰু টাঞ্জানিয়া। এই সুখ নিৰ্ধাৰণত ছটা কাৰকৰ মূল্যায়ন কৰা হৈছিল। সেইকেইটা হৈছে জনমূৰি মুঠ ঘৰুৱা উৎপাদন, আয়ুকাল (লাইফ এক্সপেক্টেন্চি), সামাজিক সহায়, জীৱনৰ বাছনিবোৰৰ ক্ষেত্ৰত স্বাধীনতা, উদাৰতা আৰু দুৰ্নীতিৰ ধাৰণা।