ডিজিটেল ডেস্ক : মধ্যপ্রাচ্যৰ ক্ষয়ংকৰী যুদ্ধখনে বৃহস্পতিবাৰে কুৰি দিনত ভৰি দিলে। আমেৰিকা আৰু ইজৰাইলে ২৮ ফেব্ৰুৱাৰীত ইৰানৰ বিৰুদ্ধে আৰম্ভ কৰা এই যুদ্ধই ইতিমধ্যেই হাজাৰ হাজাৰজন লোকৰ প্ৰাণ কাঢ়ি নিছে। সামৰিক বাহিনীৰ লোকৰ উপৰি শিশু, মহিলাকে ধৰি বহুজনে যুদ্ধত প্রাণ হেৰুৱাইছে।
আমেৰিকাৰ মানৱ অধিকাৰমূলক সংগঠন 'এইচ আৰ এ এন এ'ৰ তথ্য অনুসৰি এই যুদ্ধখনত বর্তমানলৈকে ৪,১৯৩জন লোকৰ মৃত্যু হৈছে। ইয়াৰ ভিতৰত ই ৰানত ৩,১১৪জনৰ মৃত্যু হৈছে। ইৰানত মৃত্যু হোৱা লোকসকলৰ ভিতৰত ২০৭টি শিশুকে ধৰি ১,৩৫৪জন হৈছে সাধাৰণ নাগৰিক। ইফালে, মধ্যপ্রাচ্যৰ এই যুদ্ধখনত লেবাননত ৯৬৮জন লোকৰ মৃত্যু হৈছে। এই মৃতসকলৰ ভিতৰত শতাধিক শিশুও আছে। যুদ্ধৰ ফলত ইৰাকত বৰ্তমানলৈকে ৬০জন লোকৰ মৃত্যু হৈছে। ইফালে, ইৰানৰ ক্ষেপণাস্ত্ৰ আক্ৰমণত ইজৰাইলত ১৫জন লোকৰ মৃত্যু হৈছে।
যুদ্ধত আমেৰিকাৰ সামৰিক বহিনীৰ ১৫জন লোকৰ মৃত্যু হৈছে। ইয়াৰে ছজনৰ ইন্ধন পৰিবাহী বিমান দুর্ঘনটনাগ্রস্ত হোৱাৰ ফলত মৃত্যু হয়। ইৰানৰ আক্ৰমণত সংযুক্ত আৰব আমিৰশ্বাহীত ৮জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে কুৱেইটত ৬জন লোকৰ মৃত্যু হৈছে। পশ্চিম এছিয়াৰ এই যুদ্ধখনত বৰ্তমানলৈকে ছিৰিয়াত চাৰিজন আৰু ওমানত দুজন লোকৰ মৃত্যু হৈছে। ইফালে, ছৌডি আৰবীয়াত দুজন, বাহৰেইনত দুজন আৰু ফ্ৰান্সৰ এজন সেনাৰ যুদ্ধত মৃত্যু হৈছে।