ডিজিটেল ডেস্ক: কেন্দ্ৰীয় চৰকাৰে অহা পাঁচ বছৰত দেশৰ প্ৰতিখন ৰাজ্যতে ফৰেনছিক গৱেষণাগাৰৰ এক নেটৱৰ্ক স্থাপন কৰাৰ সিদ্ধান্ত লৈছে। ইয়াৰ বাবে ৩০ হাজাৰ কোটি টকা ব্যয় কৰা হ'ব।
২০২৯ চনৰ ভিতৰত দেশৰ প্ৰতিখন ৰাজ্যত কমেও এখনকৈ ফৰেনছিক বিশ্ববিদ্যালয় বা কেন্দ্রীয় ফৰেনছিক গৱেষণাগাৰ স্থাপন কৰা হ'ব। আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ শ্ৰীবিজয়পুৰমত শনিবাৰে অনুষ্ঠিত গৃহ মন্ত্ৰ্যালয়ৰ সংসদীয় পৰামৰ্শদাতা কমিটীৰ বৈঠকত গৃহ মন্ত্রী অমিত শ্বাহে এই কথা প্রকাশ কৰে।
বৈঠকত ৰাষ্ট্ৰীয় সুৰক্ষা, দুর্যোগ ব্যৱস্থাপনা, চাইবাৰ সুৰক্ষা আৰু আঞ্চলিক আন্তঃগাঁথনিৰ প্ৰসংগত আলোচনা কৰা হয়। অপৰাধৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে অত্যাধুনিক প্রযুক্তিৰ ব্যৱহাৰ, কেন্দ্ৰীয় ফৰেনছিক বিজ্ঞান গৱেষণাগাৰ, ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ দৰে অত্যাধুনিক কেন্দ্র স্থাপনত গুৰুত্ব আৰোপ কৰা হয়। বৈঠকত গৃহ মন্ত্ৰীয়ে প্রকাশ কৰে যে বর্তমান দেশত সাতটা কেন্দ্রীয় ফৰেনছিক বিজ্ঞান গৱেষণাগাৰ (চি এফ এছ এল) আছে আৰু নতুনকৈ আঠখন নিৰ্মাণ কৰি থকা হৈছে। ফৰেনছিক বিজ্ঞান গৱেষণাগাৰ, ফৰেনছিক ভেন আপু আঞ্চলিক গৱেষণাগাৰসমূহ শক্তিশালী কৰাৰ বাবে ৰাজ্যসমূহক একহাজাৰ কোটি টকাৰ অনুদান দিয়া হৈছে।
আনহাতে, ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ (এন এফ এছ ইউ) ১৪টা চৌহদ স্থাপন কৰা হৈছে আৰু ইয়াত ১০০% প্রশিক্ষণ কার্যসূচী চলি আছে। ২০২৯ চনৰ ভিতৰত ৩৫ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে এই বিশ্ববিদ্যালয়সমূহত অধ্যয়ন কৰিব আৰু তেওঁলোকৰ সকলোৱে নিয়োগ লাভ কৰাটো নিশ্চিত।