ডিজিটেল ডেস্ক: কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ এদিনীয়া ভ্রমণসূচীৰে আজি অসমলৈ আহিব। কেন্দ্রীয় গৃহ মন্ত্রী শ্বাহে শিলচৰৰ কুম্ভীৰগ্ৰাম বিমানবন্দৰৰ পৰা শিলচৰৰ পুলিচ পেৰেড গ্রাউণ্ডৰ হেলিপেডত উপস্থিত হ'ব। ইয়াৰ পৰা বি এছ এফৰ হেলিকপ্টাৰেৰে কাছাৰ জিলাৰ কাটিগৰা সমষ্টিৰ ভাৰত-বাংলাদেশ সীমাৱৰ্তী গাঁও নাতানপুৰ হেলিপেডলৈ যাব।
নাতানপুৰৰ সীমান্ত আউটপোষ্টত উপস্থিত হৈ গৃহ মন্ত্রী অমিত শ্বাহে সীমান্ত আউটপোষ্ট পৰিদৰ্শন কৰিব। ইয়াত তেওঁ কেন্দ্রীয় চৰকাৰৰ 'ভাইব্ৰেণ্ট ভিলেজ প্রগ্রাম'ৰ দ্বিতীয় পৰ্যায়ৰ আনুষ্ঠানিকভাবে শুভাৰম্ভ কৰিব। গৃহ মন্ত্রী শ্বাহে বি এছ এফৰ নাতানপুৰ সীমান্ত চকী পৰিদৰ্শন কৰি সীমান্তৰ সুৰক্ষা ব্যৱস্থা আৰু বেৰাৰ কাম-কাজৰ বুজ ল'ব।
পৰৱৰ্তী সময়ত তেওঁ বিজেপিয়ে আয়োজন কৰা বিশাল ৰাজহুৱা সভাত অংশগ্রহণ কৰিব। এই অনুষ্ঠানত তেওঁৰ লগতে উপস্থিত থাকিব মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা, কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল, সাংসদ-মন্ত্রী-বিধায়কসহ নেতা-কর্মী। কাছাৰ ভ্ৰমণৰ সময়তে তেওঁ বৰাক উপত্যকাত বিজেপিৰ হৈ এখন বিশাল জনসভাক সম্বোধন কৰাৰ বিষয়টো আগন্তুক বিধানসভাৰ নিৰ্বাচনৰ প্ৰচাৰৰ অংশ হিচাপে বিবেচিত হৈছে। ইপিনে কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহৰ ভ্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি কাছাৰ জিলা প্রশাসনে সর্বোচ্চ নিৰাপত্তা নিশ্চিত কৰাৰ বাবে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্রহণ কৰিছে। সমগ্র কাছাৰ জিলাত ড্র'ন ব্যৱহাৰৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে। নিৰ্দেশ অনুসৰি উক্ত সময়ছোৱাত কোনো ব্যক্তিগত বা বাণিজ্যিক ড্র'ন জিলাৰ সীমাৰ ভিতৰত ক'তো চলাবলৈ দিয়া নহ'ব। কাছাৰ জিলাক ড্র'নমুক্ত অঞ্চল হিচাপে ঘোষণা কৰা হৈছে।
উল্লেখযোগ্য যে দেশৰ স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহ কাছাৰ জিলালৈ আহিব। কাছাৰ জিলাৰ কাটিগড়া বিধানসভা সমষ্টিৰ অধীনৰ ভাৰত-বাংলাদেশ সীমান্তৰ নাতানপুৰ এলেকা পৰিদৰ্শন কৰি ভাইব্রেন্ট ভিলেজ প্র'গ্রাম-২ৰ আনুষ্ঠানিক উদ্বোধন কৰিব গৃহ মন্ত্ৰীয়ে। লগতে তেওঁ আন্তঃৰাষ্ট্ৰীয় সীমান্তও পৰিদৰ্শন কৰিব। এই অনুষ্ঠানৰ জৰিয়তে কাছাৰৰ ভাৰত-বাংলা সীমান্তৰ সীমান্তৱৰ্তী অঞ্চলসমূহৰ আন্তঃগাঁথনি শক্তিশালী আৰু নিৰাপত্তা সংলগ্ন উন্নয়ন বৃদ্ধিত গুৰুত্ব আৰোপ কৰা হৈছে।
ভাইব্রেন্ট ভিলেজ প্রগ্ৰেম হৈছে ভাৰত চৰকাৰৰ এক পদক্ষেপ আৰু যাৰ লক্ষ্য হৈছে দুর্গম আৰু সীমান্তৱৰ্তী গাঁওসমূহ, বিশেষকৈ ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় সীমাৰ কাষত অৱস্থিত গাঁওসমূহৰ সৰ্বাংগীণ উন্নয়ন। মৌলিক সা-সুবিধাৰ অভাৱত সীমান্তবাসীয়ে যাতে প্ৰব্ৰজন নকৰে তাৰ বাবে পথ সংযোগ, গৃহ নির্মাণ, বিদ্যুৎ, টেলিকম নেটৱৰ্ক, স্বাস্থ্য, শিক্ষা, জীৱিকাৰ সুযোগ আৰু পৰ্যটনৰ উন্নতিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। ইপিনে আগন্তুক বিধানসভাৰ নিৰ্বাচনৰ প্ৰাকক্ষণত গৃহ মন্ত্রী অমিত শ্বাহৰ সীমান্ত এলেকালৈ আগমন ৰাজনৈতিকভাৱে বিশেষ তাৎপর্যপূর্ণ বুলি বিবেচিত হৈছে। ইপিনে গৃহ মন্ত্রী শ্বাহক আদৰিবলৈ কাছাৰ জিলা প্রশাসনে ব্যাপক প্রস্তুতি লৈছে। তদুপৰি জনসভা সফল কৰাৰ বাবে জিলা বিজেপিয়ে ব্যাপক প্রস্তুতি চলোৱা পৰিলক্ষিত হৈছে।
এশ বিঘা মাটিত অনুষ্ঠিত হ'বলগীয়া জনসভাত ৬০ হাজাৰ কর্মী-সমর্থকৰ উপস্থিতিৰ পৰিকল্পনা কৰিছে দলে আৰু সেইবাবে বিশাল পেণ্ডেলৰ নির্মাণকার্য চলি আছে। নাতানপুৰত উপস্থিত হৈ জনসভাৰ প্ৰস্তুতিৰ বুজ লয় কেন্দ্রীয় মন্ত্রী অজয় টামটায়, মন্ত্রী কৌশিক ৰয়, জয়ন্তমল্ল বৰুৱা, পীয়ূষ হাজৰিকাসহ বিধায়ক, আৰক্ষী বিভাগৰ উচ্চপদস্থ বিষয়া, জিলা প্রশাসনৰ বিষয়া, অন্যান্য দলীয় নেতৃবৃন্দই। জনসভা সফল কৰাৰ বাবে বিজেপিয়ে দলীয়ভাৱে জিলা স্তৰৰ পৰা বুথ পর্যায়লৈকে সভা-সমিতি অনুষ্ঠিত কৰিছে।
অমিত শ্বাহৰ আগমনক লৈ দলীয় নেতা-কর্মী আৰু কাটিগড়া বিধানসভা সমষ্টিৰ স্থানীয় ৰাইজৰ মাজত ব্যাপক উৎসাহ পৰিলক্ষিত হৈছে। জানিব পৰা মতে, কাছাৰৰ কাৰ্যসূচী সমাপ্ত কৰি তেওঁ আগৰতলা অভিমুখে ৰাওনা হ'ব আৰু পৰৱৰ্তী দিনা গুৱাহাটীত চি আৰ পি এফৰ পেৰেডত অংশগ্ৰহণ কৰিব।
উল্লেখযোগ্য যে কেন্দ্রীয় মন্ত্রী অমিত শ্বাহ কালি নিশা শিলচৰৰ কুম্ভিৰগ্ৰাম বিমানবন্দৰত উপস্থিত হোৱাৰ কথা আছিল। কিন্তু বিভিন্ন গুৰুত্বপূৰ্ণ কাম-কাজৰ বাবে তেওঁৰ কালিৰ ভ্ৰমণ বাতিল কৰা হয়। কালি সন্ধিয়া গৃহ মন্ত্রী অমিত শ্বাহে নতুন দিল্লীৰ পৰা ৰাওনা হৈ নিশা ৮-৫৫ বজাত শিলচৰৰ কুম্ভীৰগ্ৰাম বিমানবন্দৰত উপস্থিত হোৱাৰ কথা আছিল। তাৰ পৰা তেওঁ উধাৰবন্দ সমষ্টিৰ দয়াপুৰৰ চি আৰ পি এফ গেষ্ট হাউছত নিশা কটোৱাৰ কথা আছিল। গৃহ মন্ত্ৰী অমিত শ্বাহৰ আগমনক লৈ বিজেপিৰ কাছাৰ জিলা সমিতিয়ে ব্যাপক কর্মসূচী গ্রহণ কৰিছিল যদিও সেয়া বাতিল কৰা হয়।