পাকিস্তান, বাংলাদেশৰ অনুপ্ৰৱেশকাৰীৰ বাবেই মুছলমান জনসংখ্যা বৃদ্ধি হৈছে, কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহৰ গুৰুত্বপূৰ্ণ মন্তব্য

dainik janambhumi October 12, 2025

ডিজিটেল ডেস্ক : কেন্দ্ৰীয় গৃহ মন্ত্রী অমিত শ্বাহে শুকুৰবাৰে কয় যে পাকিস্তান, বাংলাদেশৰ পৰা হোৱা অনুপ্ৰৱেশৰ বাবে ভাৰতত মুছলমানৰ জনসংখ্যা বৃদ্ধি পাইছে। তেওঁ লগতে কয় যে ইয়াৰ ফলত দেশত জনসংখ্যাৰ গাঁথনিত বৈষম্যৰ সৃষ্টি হৈছে। শ্বাহে লগতে অভিযোগ কৰে যে জনসংখ্যাৰ গাঁথনিত হোৱা বৃহৎ পৰিৱৰ্তন ভাৰতৰ সংস্কৃতি আৰু গণতান্ত্রিক প্রমূল্যলৈ ভাবুকি আনিছে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে চৰকাৰে 'চিনাক্তকৰণ, ভোটাৰ তালিকাৰ নাম কৰ্তন আৰু বিতাৰণ' নীতি গ্রহণ কৰিব। 

'১৯৫১ চনৰ লোকপিয়লত হিন্দুৰ জনসংখ্যা ৮৪%, মুছলমানৰ জনসংখ্যা ক্রমে ৯.৮% আছিল। আনহাতে, ১৯৯১ চনত হিন্দু, মুছলমানৰ জনসংখ্যা আছিল ক্রমে ৮৯% আৰু ১৪.২%। মই দুটা ধৰ্মৰ জনসংখ্যাৰ কথা এই কাৰণেই কৈছোঁ কাৰণ মই অনুপ্ৰৱেশৰ কথা ক'ব বিচাৰিছোঁ।' শ্বাহে এইদৰে কয়। নৰেন্দ্ৰ মোহন স্মৃতি বক্তৃতাত মূল ভাষণ দি গৃহ মন্ত্রী শ্বাহে কয় যে মুছলমানৰ জনসংখ্যা ২৪.৬% বৃদ্ধি পোৱাৰ বিপৰীতে হিন্দুৰ জনসংখ্যা ৪.৫% হ্রাস হৈছে। শ্বাহে কয় যে উৰ্বৰতাৰ হাৰৰ বাবে এয়া সম্ভৱ হোৱা নাই। বৰঞ্চ অনুপ্ৰৱেশৰ বাবে এই সমস্যাৰ উদ্ভৱ হৈছে। 

অনুপ্ৰৱেশৰ বাবেই ঝাৰখণ্ডৰ জনজাতিৰ লোকৰ জনসংখ্যা হ্রাস পোৱা বুলি উল্লেখ কৰি শ্বাহে কয় যে মোদী চৰকাৰৰ উচ্চ ক্ষমতাসম্পন্ন জন-গাঁথনি অভিযানে ধর্মীয়, সামাজিক খণ্ড, জনসংখ্যা বৃদ্ধি আৰু সীমান্ত সুৰক্ষাত অবৈধ অনুপ্ৰৱেশৰ প্ৰভাৱ পৰীক্ষা কৰিব। অনুপ্ৰৱেশৰ বাবে তেওঁ 'ভোট বেংক' ৰাজনীতিক দোষাৰোপ কৰে। শ্বাহে লগতে নাগৰিকত্ব সংশোধনী আইন (কা)ৰ প্ৰতি সমর্থন ব্যক্ত কৰে।

Share This