ডিজিটেল ডেস্ক : অহা ২১ জুনত পুনৰ অনুষ্ঠিত কৰিবলগীয়া নীট-ইউ জিৰ প্ৰস্তুতি সন্দৰ্ভত মূল্যায়ন কৰিবলৈ বৃহস্পতিবাৰে কেন্দ্রীয় শিক্ষা মন্ত্রী ধর্মেন্দ্ৰ প্ৰধানৰ অধ্যক্ষতাত এক উচ্চ পৰ্যায়ৰ পৰ্যালোচনা সভা অনুষ্ঠিত হয়। এই সভাত শিক্ষা মন্ত্ৰ্যালয়, ৰাজ্য চৰকাৰসমূহ, নেশ্যনেল টেষ্টিং এজেঞ্চি (এন টি এ) আৰু উচ্চ শিক্ষা বিভাগৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।
উল্লেখযোগ্য যে চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে এইবছৰৰ ৩ মে'ত নীট-ইউ জি অনুষ্ঠিত হৈছিল। কিন্তু পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱা বুলি অভিযোগ উঠাৰ বাবে ১২ মে'ত এন টি এ-এ উক্ত পৰীক্ষা বাতিল কৰিছিল। বৰ্তমান কেন্দ্রীয় অনুসন্ধান সংস্থাই (চি বি আই) উক্ত বিষয়টো তদন্ত কৰি আছে। কালিৰ সভাত শিক্ষা মন্ত্রী ধর্মেন্দ্র প্রধানে ভাষণ দি পৰীক্ষা প্ৰক্ৰিয়াত 'সততাৰ সৰ্বোচ্চ মান, স্বচ্ছতা আৰু দক্ষতা' বজাই ৰখাৰ গুৰত্বৰ কথা কয়।
তদুপৰি মুক্ত আৰু নিকাকৈ পুনৰ অনুষ্ঠিত হ'বলগীয়া পৰীক্ষাৰ পৰিচালনাৰ বাবে সম্পূর্ণভাৱে প্রস্তুত হ'বলৈ তথা সতর্ক হৈ থাকিবলৈ সকলো সংশ্লিষ্ট কর্তৃপক্ষক তেওঁ নির্দেশ দিয়ে। তেওঁ কয় যে পৰীক্ষাৰ প্ৰক্ৰিয়া সম্পর্কীয় কাৰ্যকলাপৰ সমন্বয় সাধন কৰিবলৈ তথা এন টি এৰ সঞ্চালক প্রধানে নেতৃত্ব দিয়া নিয়ন্ত্রণ কেন্দ্রত জনাবলৈ ম্যালয়ে দায়িত্ব দিয়া বিষয়াসকল ৰাজ্যসমূহত উপস্থিত হ'ব। তদুপৰি চাপ-মুক্ত পৰিৱেশত পৰীক্ষাত অৱতীৰ্ণ হ'ব পৰাকৈ শিক্ষার্থীসকলক সকলো প্রয়োজনীয় সুবিধা দিবলৈ প্রধানে ন'ডেল বিষয়াসকলক নির্দেশ দিয়ে। এই সভাত বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগৰ সচিব সঞ্জয় কুমাৰ, উচ্চ শিক্ষা দপ্তৰৰ সচিব বিনীত যোশী আৰু এন টি এৰ সঞ্চালক প্রধান অভিষেক সিং উপস্থিত আছিল।
শিক্ষা মন্ত্ৰ্যালয়ৰ মতে উক্ত সভাত পৰীক্ষাৰ প্ৰস্তুতি, বিভিন্ন বিভাগৰ সমন্বয়ৰ ব্যৱস্থা, নিৰাপত্তা, লাগতিয়াল সামগ্ৰীৰ ব্যৱস্থা, অভাৱ-অভিযোগ দূৰীকৰণৰ ব্যৱস্থা আৰু পৰীক্ষাৰ নিৰ্দেশিকাৰ আনুগত্য বিষয়ত বিস্তৃত আলোচনা কৰা হয়। মন্ত্ৰ্যালয়ৰ মতে সাক্ষাৎ আৰু ভার্চুৱেলী (হাইব্রিড ম'ড) অনুষ্ঠিত উক্ত সভাত ২২২জন লোকে অংশগ্রহণ কৰিছিল।