ডিজিটেল ডেস্কঃ কেন্দ্রীয় মন্ত্রী নীতিন গডকাৰিয়ে শনিবাৰে ২০২৯ চনৰ দেশৰ সাধাৰণ নিৰ্বাচনত তেওঁৰ ল'বলগীয়া ভূমিকা সম্পর্কে মন্তব্য কৰি কয় যে যোৱা ১১ বছৰ কেৱল এটা 'নিউজ ৰীল'হে আছিল, কিন্তু 'ৰীয়েল ফিল্ম' আহিবলৈ বাকী আছে। বিজেপিৰ জ্যেষ্ঠ নেতাজনে কয় যে দলে তেওঁৰ কাৰ্যপন্থা আৰু দায়িত্বৰ বিষয়ত সিদ্ধান্ত ল'ব।
দলে দিয়া সিদ্ধান্ত অনুসৰিয়েই তেওঁ কার্য সম্পাদন কৰি আহিছে। কেন্দ্ৰীয় মন্ত্রী গডকাৰিয়ে কয়, 'এতিয়ালৈকে যি হৈ আছিল সেয়া 'নিউজ ৰীল' আছিল, কিন্তু প্রকৃত চিনেমা আৰম্ভ হ'বলৈ এতিয়াও বাকী আছে।' নৰেন্দ্ৰ মোদী চৰকাৰৰ ১১ বছৰ পূৰ্তিৰ উপলক্ষত নাগপুৰত এটা সংবাদ মাধ্যমক দিয়া সাক্ষাৎকাৰত গডকাৰিয়ে এইদৰে মন্তব্য কৰে।
গডকাৰিয়ে কয় যে তেওঁ কেতিয়াও তেওঁৰ ৰাজনৈতিক বায়' ডাটা প্ৰকাশ কৰা নাই বা বিমান বন্দৰত তেওঁক আদৰণি জনাবলৈ কেতিয়াও সমর্থকসকলক অনুৰোধ কৰা নাই। তেওঁ কয় যে বিদৰ্ভত কৃষকসকলৰ আত্মহত্যা ৰোধ কৰাৰ বিষয়ত কাম কৰিবলৈ তেওঁ ইচ্ছা কৰে। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰীজনে কয় যে পথৰ কাম কৰাতকৈ বৰ্তমান তেওঁ কৃষি আৰু অন্যান্য সামাজিক কল্যাণৰ পদক্ষেপত কাম কৰি আছে।