চন্দ্ৰযান-৩ৰ অভূতপূৰ্ব সফলতাৰ জৰিয়তে ভাৰতে এক নতুন ইতিহাস ৰচনা কৰাৰ ক্ষণৰ সাক্ষী হ'ল কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালো

Jyoti Borah August 23, 2023

ডিজিটেল ডেস্কঃ  চন্দ্ৰযান-৩ৰ অভূতপূৰ্ব সফলতাৰ জৰিয়তে ভাৰতে এক নতুন ইতিহাস ৰচনা কৰাৰ ক্ষণৰ সাক্ষী হৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে তেওঁৰ আনন্দপূৰ্ণ ভাব প্ৰকাশ কৰে। তেওঁ  কয়, "চন্দ্ৰযান-৩: মহাকাশ অন্বেষণৰ দিশত ভাৰতৰ এক ঐতিহাসিক অভিযান। আজি প্ৰতিজন ভাৰতীয়ৰ বাবে এক গৌৰৱ, আনন্দ আৰু আৱেগৰ দিন। যোৱা ১৪ জুলাইত শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰপৰা উৎক্ষেপণ কৰা হৈছিল চন্দ্ৰযান-৩ । সেইদিনাৰে পৰা সম্পূৰ্ণ ৪০ দিনৰ অন্তত আমাৰ দেশৰ বহু প্ৰতীক্ষিত চন্দ্ৰযান-৩এ আজি বিয়লি সফলতাৰে চন্দ্ৰৰ বুকুত অৱতৰণ কৰিলে। মহাকাশ অনুসন্ধানৰ দিশত ভাৰতৰ নিৰৱচ্ছিন্ন প্ৰচেষ্টাৰ এয়া এক অভূতপূৰ্ব নিদৰ্শন। চন্দ্ৰপৃষ্ঠত সফলতাৰে মসৃণ অৱতৰণ (Soft Landing) কৰা দেশসমূহৰ ভিতৰত ভাৰতে প্ৰযুক্তিগত সামৰ্থ্য অৰ্জন কৰি বিশ্বৰ চতুৰ্থখন দেশ হিচাপে পৰিগণিত হোৱাৰ আজি ইতিহাস ৰচনা কৰিলে। তদুপৰি চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰা প্ৰথমখন দেশ হিচাপে ভাৰতে এক অনন্য ইতিহাসৰ সূচনা কৰিলে।"

সোণোৱালে কয়, "আজিৰ এই ঐতিহাসিক ক্ষণত চন্দ্ৰযান-৩ৰ সৈতে জড়িত ইছৰ'-ৰ প্ৰতিগৰাকী বিজ্ঞানী, অভিযন্তা প্ৰমুখ্যে সংশ্লিষ্ট সকলোকে উষ্ম অভিনন্দন জ্ঞাপন কৰিছোঁ। তেখেতসকলৰ নিৰলস সাধনা, একাগ্ৰতা, কঠোৰ পৰিশ্ৰম আৰু দৃঢ় মনোবলৰ ফলশ্ৰুতিত ভাৰতবৰ্ষই বিশ্বৰ বুকুত সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে। মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সবল নেতৃত্বৰে ভাৰতক বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ দিশত শক্তিশালী কৰি তুলিবলৈ অহোপুৰুষাৰ্থ কৰিছে। মহাকাশ অনুসন্ধানকে ধৰি বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত আমাৰ দেশখনে বিশ্বৰ আগশাৰীৰ দেশসমূহৰ সৈতে এতিয়া ফেৰ মাৰিবলৈ সক্ষম হৈছে। ভাৰতৰ এই জয়যাত্ৰা অনাগত দিনবোৰতো হৈ ৰ'ব অপ্ৰতিৰোধ্য, অদম্য আৰু অবিৰত।"
 

Share This