আন্তঃৰাষ্ট্ৰীয় শান্তি-সুৰক্ষাত ব্যৰ্থ ৰাষ্ট্ৰসংঘ, বিশ্বৰ সৰ্বোচ্চ সংস্থাক লৈ ভাৰতৰ মন্তব্য

dainik janambhumi January 28, 2026

ডিজিটেল ডেস্ক : ৰাষ্ট্ৰসংঘই এতিয়া বিশ্বত পূৰ্বৰ মর্যদা হেৰুৱাই পেলাইছে। ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্রতিনিধি নেনী হৰিশে এইদৰে কয়। তেওঁ কয় যে ৰাষ্ট্ৰসংঘক এতিয়া বিশ্বৰ জনসাধাৰণে আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু সুৰক্ষা দিব পৰা সংস্থা বুলি গণ্য নকৰে। তেওঁ কয় যে ৰাষ্ট্ৰসংঘৰ কাৰ্যপন্থা এতিয়া দুৰ্বল হৈ পৰিছে যাৰ ফলত দেশসমুহে সুকীয়া সুকীয়া মঞ্চ (ফ'ৰাম) গঠন কৰিবলৈ লৈছে। 

হৰিশে কয় যে সমস্যা কেৱল ধনৰেই নহয়, ৰাষ্ট্ৰসংঘই বিশ্বজনীন যুদ্ধ আৰু সংঘাত প্ৰতিৰোধতো ব্যৰ্থ হৈছে। কেইবাটাও ডাঙৰ বিবাদৰ সময়ত ৰাষ্ট্ৰসংঘক অসহায় হৈ পৰা দেখা পোৱা গৈছে। তেওঁ কয় যে শান্তি আৰু সুৰক্ষাক লৈ এতিয়া ৰাষ্ট্ৰসংঘৰ বাহিৰতো আলোচনা হৈ আছে। বিভিন্ন দেশে সুকীয়া সুকীয়া গোট গঠন কৰিছে। ইয়াত কেতিয়াবা ব্যক্তিগত কোম্পানীকো অন্তর্ভুক্ত কৰা হৈছে। উল্লেখযোগ্য যে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে কেইবাখনো ভয়াৱহ যুদ্ধ প্ৰতিৰোধ কৰাত ব্যৰ্থ হোৱাৰ সময়তে ভাৰতে ৰাষ্ট্ৰসংঘক লৈ এনেদৰে কয়। ইয়াৰ উপৰি গাজাত শান্তি স্থাপনৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে এটা নতুন সংগঠন গঠন কৰে আৰু ইয়াৰ নাম দিয়ে 'ব'র্ড অব পীচ'। 'ব'র্ড অব পীচ'ক এতিয়া ৰাষ্ট্ৰসংঘৰ বিকল্পৰূপে চোৱা হৈছে। হৰিশে কয় যে আন্তঃৰাষ্ট্ৰীয় আইনক কোনো এখন দেশৰ সার্বভৌমত্বত (আভ্যন্তৰীণ বিষয়) হস্তক্ষেপ কৰাৰ বাবে ব্যৱহাৰ কৰিব নালাগে। আইন সকলোৰে বাবে সমান হোৱা উচিত আৰু দুমুখীয়া নীতিৰ হ'ব নালাগে। 

ভাৰতে কয় যে ৰাষ্ট্ৰসংঘ আৰু বহুপাক্ষিক ব্যৱস্থাসমুহে সময়ৰ লগত খাপ খুৱাই নিজকে সলনি নকৰিলে নতুন বিকল্পৰ নিজে নিজে সৃষ্টি হ'ব। ভাৰতে কয় যে ৰাষ্ট্ৰসংঘ বিশেষকৈ নিৰাপত্তা পৰিষদৰ গাঁঠনি অতি পুৰণি হৈ পৰিছে আৰু আজিৰ বিশ্বলৈ লক্ষ্য কৰি ইয়াৰ সংস্কাৰৰ প্ৰয়োজন হৈছে যাতে এই সংগঠন পুনৰ আস্থাৱান আৰু প্ৰভাৱী হৈ পৰে।

Share This