ডিজিটেল ডেস্ক : অভিজ্ঞ তাৰকা ক্রিষ্টিয়ান পুলিচিচক অধিনায়ক হিচাপে লৈ বুধবাৰে আয়োজক আমেৰিকাই আসন্ন বিশ্ব কাপ ফুটবলাৰ বাবে শক্তিশালী দল ঘোষণা কৰে। প্রশিক্ষক মাউৰিচিঅ' পচেট্টিনোৱে ঘোষণা কৰা ২৬জনীয়া দলত আশা কৰা মতেই স্থান পাইছে ফ্ল'ৰিয়ান বালাগুন, ক্রিষ্টিয়ান পুলিচিচ, ৰিকার্ডো পেপে, জিঅ'ভানি ৰেইনাৰ দৰে তাৰকা খেলুৱৈয়ে।
দ্বিতীয়বাৰলৈ বিশ্ব কাপ খেলিবলগীয়া ৰিমৰ অভিজ্ঞতাই নতুন খেলুৱৈক উৎসাহিত কৰিব বুলিয়েই ধাৰণা কৰা হৈছে। ২০২২ চনৰ বিশ্ব কাপত ইংলেণ্ড, বেলছ আৰু ইৰানক লৈ গঠিত কঠিন গ্ৰুপৰ পৰা সফলতাৰে পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰিছিল আমেৰিকাই।
ইংলেণ্ডৰ বিৰুদ্ধে গ'ল শূন্য ড্ৰৰে খেল সামৰাৰ পাছতো নেদাৰলেণ্ডৰ হাতত অন্তিম-১৬ত ৩-১ গ'লত পৰাজয়েৰে আমেৰিকাই সেইবাৰ বিশ্ব কাপৰ পৰা বিদায় লৈছিল।