ইৰানৰ বিৰুদ্ধে অনির্দিষ্ট কাললৈ যুদ্ধবিৰতি আমেৰিকাৰ

dainik janambhumi April 23, 2026

ডিজিটেল ডেস্ক : ইৰান-আমেৰিকাৰ মাজৰ আলোচনাৰ মধ্যস্থতাকাৰী পাকিস্তানৰ অনুৰোধত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে অনির্দিষ্ট কালৰ বাবে যুদ্ধ-বিৰতিৰ ম্যাদ বৃদ্ধি কৰিছে। 

ট্রাম্পে কয় যে এই পদক্ষেপৰ লক্ষ্য হৈছে সাত সপ্তাহৰ যুদ্ধৰ অন্ত পেলাবলৈ তেহৰানৰ হাড় ভগা নেতৃত্বক এক সংহত প্ৰস্তাৱৰ বাবে সময় দিয়া। যোৱা ৮ এপ্রিলত ঘোষণা কৰা দুসপ্তাহৰ যুদ্ধ-বিৰতিৰ ম্যাদ অন্ত পৰিবলৈ কেইঘণ্টামান থকাৰ আগত আমেৰিকাই এই নাটকীয় ঘোষণা কৰে। 

উল্লেখযোগ্য যে ইৰানৰ আলোচনাকাৰীৰ সৈতে পাকিস্তানত হ'বলগীয়া শান্তি আলোচনাত আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সৰ নেতৃত্বত যাবলগীয়া প্রতিনিধি দলৰ ভ্রমণো সেইবাবেই পিছুৱাই দিয়া হ'ল। ট্রাম্পে এই কথা স্পষ্ট কৰি দিয়ে যে ইৰানৰ নেতৃত্বই আলোচনাৰ বাবে এক সংহত প্রস্তাৱ দাখিল নকৰালৈকে আমেৰিকাই ইৰান আক্রমণ বন্ধ ৰাখিব। অৱশ্যে, তেওঁ কয় যে ইৰানৰ বন্দৰবোৰলৈ যোৱা পথত থকা অর্থনৈতিক অৱৰোধ অব্যাহত থাকিব।

Share This