ব্রাজিলৰ সামগ্ৰীত ৫০ শতাংশ শুল্ক আৰোপ আমেৰিকাৰ

dainik janambhumi July 11, 2025

ডিজিটেল ডেস্কঃ ব্রীক্‌ছ শীর্ষ সন্মিলনত ব্রাজিলৰ ৰাষ্ট্ৰপতি লুলাই মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পক সমালোচনা কৰি 'বিশ্বক কোনো ধৰণৰ সম্ৰাটৰ প্ৰয়োজন নাই' বুলি কোৱাৰ পাছতেই ট্রাম্পে বুধবাৰে ব্রাজিলৰ আমদানিকৃত সামগ্ৰীৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপৰ বিষয়ে ঘোষণা কৰে।

মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পে ব্রাজিলৰ বিৰুদ্ধে এই বৃহৎ শুল্ক আৰোপৰ বিষয়ে ঘোষণাৰ পাছতেই ব্রাজিলৰ ৰাষ্ট্ৰপতি লুইজ ইনাচিঅ' লুলা দা ছিলভাই কয় যে সার্বভৌম ব্রাজিলে কোনো ধৰণৰ বিষয়ত পৰাধীন হৈ নাথাকে। সামাজিক মাধ্যম 'এক্স'ত ৰাষ্ট্ৰপতি লুলাই কয় যে ব্রাজিল হৈছে এখন স্বতন্ত্র ৰাষ্ট্ৰ আৰু সেইবাবে দেশখনৰ গণতান্ত্রিক প্রতিষ্ঠান আৰু ন্যায়িক প্রক্রিয়াসমূহত বহিঃশক্তিৰ হস্তক্ষেপ দেশখনে সহ্য নকৰে। আমেৰিকা আৰু ব্রাজিলৰ মাজত এই শুক্ল আৰোপে ব্রাজিলৰ অর্থনীতিত কোনো প্রভাৱ নেপেলাই বুলি ৰাষ্ট্ৰপতি লুলাই দাবী কৰে।

ব্রাজিলৰ অৰ্থনৈতিক আইনৰ মতে দেশখনৰ আৰ্থিক অৱস্থাই গতি কৰিব বুলি ৰাষ্ট্ৰপতিজনে কয়।

Share This