ডিজিটেল ডেস্ক : আমেৰিকাৰ কেলিফর্নিয়াৰ লছ এঞ্জেলছ মহানগৰীত অবৈধ প্ৰব্ৰজনকাৰীৰ বিৰুদ্ধে চলোৱা অভিযানৰ বিৰোধিতা কৰি দুদিন ধৰি চলি থকা প্রতিবাদে হিংসাত্মক ৰূপ লয়। পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বাবে ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে মহানগৰখনৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ কাৰণে নেশ্যনেল গাৰ্ডছৰ দুহেজাৰ জোৱান মোতায়েন কৰাৰ নিৰ্দেশ দিয়ে। প্রতিবাদকাৰীয়ে ভাৰতীয় সময় মতে দেওবাৰে পুৱা পুলিচক লক্ষ্য কৰি শিলগুটি আৰু জ্বলা ফটকা দলিয়ায়। উল্লেখযোগ্য যে আমেৰিকাৰ অন্যতম সর্ববৃহৎ মহানগৰখনত অবৈধ প্ৰব্ৰজনকাৰীৰ বিৰুদ্ধে ইমিগ্রেশ্যন এণ্ড কাষ্টমছ এনফ'র্চমেন্টে (আই চি ই) অভিযান চলাই আছে। অভিযানৰ সময়ত একাংশ অবৈধ প্ৰব্ৰজনকাৰী নিৰাপত্তা বাহিনী তথা আই চি ইৰ সৈতে সংঘৰ্ষত লিপ্ত হয়। প্রতিবাদকাৰীয়ে পুলিচ আৰু আই চি ইৰ বিষয়া-কৰ্মচাৰীলৈ লক্ষ্য কৰি কন্দুৱা গেছ তথা পেট্রল বোমাও নিক্ষেপ কৰে। এটা মলৰ লগতে ভালেমান দোকান তথা চৰকাৰী গাড়ীত অগ্নিসংযোগ কৰে প্রতিবাদকাৰীয়ে।
প্রতিবাদকাৰীসকলে মেক্সিকোৰ পতাকা জোকাৰি আই চি ইক লছ এঞ্জেলছৰ পৰা বাহিৰ হৈ যোৱাৰ দাবী কৰে। উল্লেখযোগ্য যে লছ এঞ্জেলেছত ৬ জুনৰ পৰা অবৈধ প্ৰব্ৰজনকাৰীক চিনাক্ত কৰাৰ অভিযান চলাই থকা হৈছে। আই চি ইৰ প্ৰধান লক্ষ্য হ'ল বাণিজ্যিক প্রতিষ্ঠানত নথি-পত্র নোহোৱাকৈ কাম কৰি থকা প্ৰব্ৰজনকাৰীক চিনাক্ত কৰা। ৰাষ্ট্ৰপতি ট্রাম্পৰ অবৈধ প্ৰব্ৰজনকাৰীক বহিষ্কাৰ কৰাৰ নীতিৰ অধীনত এই অভিযান চলাই থকা হৈছে। আই চি ইয়ে প্রতিদিনে ৩ হাজাৰ অবৈধ প্ৰব্ৰজনকাৰীক গ্ৰেপ্তাৰ কৰি দেশখনৰ পৰা বহিষ্কাৰ কৰাৰ লক্ষ্য লৈছে। আনহাতে, মহানগৰখনত একাংশ ব্যৱসায়ীয়ে ভুৱা নথি-পত্ৰ ব্যৱহাৰ কৰাৰো অভিযোগ উঠিছে। আই চি ই, দেশখনৰ অভ্যন্তৰীণ নিৰাপত্তা বিভাগ (ডি এইচ এছ), এফ বি আই আৰু ড্রাগছ এনফ'র্চমেন্ট এডমিনিষ্ট্ৰেশ্যন সামৰিক শৈলীত এই অভিযান চলাই আছে। ডি এইচ এছে দাবী কৰা মতে হিংসাৰ আৰম্ভ হয় সহস্রাধিক প্রতিবাদকাৰীয়ে যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ কাৰ্যালয় এটা ঘেৰাও কৰি আই চি ইৰ বিষয়াসকলক আক্ৰমণ কৰাৰ পৰা। প্ৰতিবাদকাৰীয়ে অত্যাধুনিক অস্ত্র-শস্ত্র, ফ্লেছ-বেং গ্রেনেড, কন্দুৱা গেছ আৰু জলকীয়া গুৰিৰ স্প্রে ব্যৱহাৰ কৰে। আই চি ইয়ে চলোৱা অভিযানৰ সময়ত ৪৪জন লোকক গ্ৰেপ্তাৰ কৰাৰ পাছত মহানগৰখনত থকা প্ৰব্ৰজনকাৰীসকল ক্ষুব্ধ হৈ পৰে আৰু আই চি ইয়ে চলোৱা তালাচী অভিযানৰ বিৰুদ্ধে ব্যাপক প্রতিবাদ আৰম্ভ হয়। শনিবাৰে কেইবাঠাইতো আই চি ইৰ বিষয়া-কৰ্মচাৰীৰ সৈতে প্ৰতিবাদকাৰীৰ সংঘৰ্ষৰ সৃষ্টি হয়। লছ এঞ্জেলছৰ উপকণ্ঠৰ ফেশ্বন ডিষ্ট্ৰিক্টত এখন কাপোৰৰ দোকানৰ পৰা কেইবাজনো প্ৰব্ৰজনকাৰীক হাত কেৰেয়া লগাই লৈ যোৱা হয়। ছার্ভিচ এমপ্লয়িজ ইউনিয়নৰ কেলিফর্নিয়া শাখাই এটা বিবৃতিত কয় যে তালাচীৰ সময়ত ইউনিয়নৰ সভাপতি ডেভিদ হিউয়েটা আহত হয়। তেওঁক অভিযানৰ সময়ত যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ কামত বাধা আৰোপৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে। ইফালে, হিংসাত্মক ঘটনাক লৈ ৰাষ্ট্ৰপতি ট্রাম্পে কঠোৰ স্থিতি গ্রহণ কৰিছে। তেওঁ প্রতিবাদকাৰীক সতৰ্ক কৰি দিয়ে। ট্রাম্পে নেশ্যনেল গাৰ্ডৰ দুহেজাৰ জোৱান কেলিফর্নিয়াত মোতায়েন কৰাৰ নিৰ্দেশ দি কয়, যদি কেলিফর্নিয়াৰ ৰাজ্যপাল গেভিন নিউছম আৰু মহানগৰখনৰ মেয়ৰ কাৰেন বাছে নিজৰ কাম নকৰে তেতিয়া যুক্তৰাষ্ট্ৰীয় চৰকাৰে হস্তক্ষেপ কৰিব আৰু হিংসাত্মক ঘটনা সংঘটিত কৰা তথা লুটপাট চলোৱাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰি ইয়াৰ সমাধান কৰিব। ট্রাম্পৰ নেশ্যনেল গার্ডছ মোতায়েনৰ নিৰ্দেশটোৰ প্ৰতিবাদ জনাইছে নিউছমে।
তেওঁ কয় যে ৰিপাব্লিকান ৰাষ্ট্ৰপতিজনে গ্ৰহণ কৰা পদক্ষেপ উদ্দেশ্যপূর্ণভাৱে প্ৰৰোচনামূলক আৰু ই উত্তেজনা অধিক বৃদ্ধি কৰিব। ইফালে, প্ৰতিৰক্ষা সচিব পেট হেগছেথে মহানগৰখনৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে নৌ সেনা মোতায়েন কৰাৰ ভাবুকি দিয়ে। ৰাজ্যপাল নিউছমে হেগছেথক সমালোচনা কৰি কয় যে প্ৰতিৰক্ষা সচিবজনে আমেৰিকাৰ নাগৰিকৰ বিৰুদ্ধে আমেৰিকাৰ ভূমিত দেশখৰ নৌ সেনা মোতায়েন কৰাৰ ভাবুকি দিছে। প্রতিবাদকাৰীসকলে মুখত মাস্ক পিন্ধি আন্দোলন কৰাৰ পৰিপ্ৰেক্ষিতত লছ এঞ্জেলছত মাস্ক পিন্ধাতো নিষিদ্ধ ঘোষণা কৰা হৈছে।