ভয়াৱহ মন্দাৱস্থাৰ দুৱাৰডলিত আমেৰিকা

dainik janambhumi September 05, 2025

ডিজিটেল ডেস্কঃ আমেৰিকা অর্থনৈতিক মন্দাৱস্থাৰ দিশত গতি কৰিছে। ক্রেডিট বেটিং এজেঞ্চি 'মুডিজ'ৰ মুখ্য অর্থনীতিবিদ মার্ক জাণ্ডিয়ে এইদৰে মন্তব্য কৰি কয় যে আমেৰিকাত চৰকাৰী পৰিসংখ্যাসমূহে দেশখন মন্দাৱস্থাৰ দিশলৈ গতি কৰাটো স্পষ্ট কৰি দিছে। মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে বিদেশী ৰাষ্ট্ৰৰ সামগ্ৰীত আৰোপ কৰা শুল্কই আমেৰিকান কোম্পানীসমূহৰ যথেষ্ট ক্ষতি কৰিছে।

তদুপৰি, আমেৰিকাৰ গৃহ নির্মাণ খণ্ডতো বর্তমান গুৰুতৰ সমস্যাই বিৰাজ কৰি আছে। মোডীজৰ শীর্ষ অর্থনীতিবিদজনে কয় যে দেশখনৰ ব্যয়, চাকৰি আৰু নিৰ্মাণকাৰী খণ্ডত বর্তমান চলি থকা ঘটনাক্ৰমৰ বিষয়ত প্রস্তুত কৰা পৰিসংখ্যাৰ তথ্যৰ পৰা এইটো স্পষ্ট হৈছে যে মার্কিন অর্থনীতি অতি সোনকালে মন্দাৱস্থাত উপনীত হ'ব।

উল্লেখযোগ্য যে ২০০৮ চনত আমেৰিকাত হোৱা মন্দাৱস্থাৰ বিষয়ে পূর্বানুমান কৰা অর্থনীতিবিদসকলৰ ভিতৰত এইজন মার্ক জাণ্ডি আছিল প্রথমজন অর্থনীতিবিদ। জাণ্ডিয়ে কয় যে আমেৰিকাৰ মুঠ ঘৰুৱা উৎপাদনৰ প্রায় এক তৃতীয়াংশ বৰ্তমান সময়ত মন্দাৱস্থাৰ সন্মুখীন হৈছে অথবা গভীৰ সংকটত আছে। আনহাতে, বাকী দুই অংশৰ গতি মন্থৰ হৈ গৈছে। সামাজিক মাধ্যম 'এক্স'ত এইদৰে উল্লেখ কৰে জাণ্ডিয়ে। পৰৱৰ্তী সময়ত নিউজ এজেঞ্চি 'নিউজউইক'ৰ সৈতে হোৱা বার্তালাপত জাণ্ডিয়ে কয়, 'গড় হিচাপত প্রতিজন আমেৰিকাবাসীৰ বাবে দুটা ফালৰ পৰা সংকট নামি আহিছে। অত্যাৱশ্যকীয় সামগ্ৰীৰ ষ্ট'ৰসমূহত আকাশলংঘী দাম আৰু ইয়াৰ বাবে উদ্যোগসমূহে খাদ্য, সামগ্রী আৰু পৰিবহণৰ সৈতে জড়িত লোকসকলৰ চাকৰিলৈ সংকট নমাইছে।' তেওঁ কয়, 'সামগ্ৰীৰ দাম ইতিমধ্যে বৃদ্ধি হৈছে। কিন্তু সামগ্ৰীৰ দাম ইমান বৃদ্ধি হৈছে যে সাধাৰণ আমেৰিকানৰ বাবে এতিয়া বহনক্ষম হৈ থকা নাই। বিশিষ্ট অর্থনীতিবিদজনে এইটোও পূর্বানুমান কৰিছে যে দেশখনৰ বৰ্তমানৰ মুদ্রাস্ফীতিৰ হাৰ ২ শতাংশৰ পৰা ৩ শতাংশলৈ বৃদ্ধি হ'ব আৰু অহা বৰ্ষৰ এই সময়ত ৪ শতাংশ হ'বগৈ। আমেৰিকাৰ সমগ্র প্রদেশবোৰত এতিয়া মন্দাৱস্থাৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে, কিন্তু ৱাশ্বিংটনে এতিয়াও চৰকাৰী চাকৰি কৰ্তনৰ স্থিতি লৈ ব্যস্ত আছে। তেওঁ কয় যে দেশখনৰ দক্ষিণৰ প্রদেশবোৰ সাধাৰণতে অর্থনৈতিকভাবে শক্তিশালী যদিও এতিয়া বিকাশৰ গতি মন্থৰ হৈছে।

২০২৫ৰ জুলাইলৈকে আমেৰিকাৰ উপভোক্তাসকলৰ ব্যয় বাজেট ২০০৮-০৯ চনৰ পৰা যিকোনো বৰ্ষৰ তুলনাত অতি শোচনীয় আৰু ইয়ে সূচাইছে যে আমেৰিকাৰ অৰ্থনীতি মন্দাৱস্থাৰ দুৱাৰডলিত উপনীত হ'ব।

Share This