গোপনে পাৰমাণৱিক বোমাৰ পৰীক্ষা আমেৰিকাৰ, ৰাছিয়াৰ সংবাদ প্ৰতিষ্ঠানৰ বাতৰিৰ পাছতে বিশ্বজুৰি প্ৰতিক্রিয়া

dainik janambhumi November 17, 2025

ডিজিটেল ডেস্ক : বিশ্বৰ বাবে অতি স্পৰ্শকাতৰ এক পদক্ষেপ গ্রহণ কৰি মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰ নিৰ্দেশত আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগে সংগোপনে পাৰমাণৱিক পৰীক্ষা সম্পন্ন কৰে। ৰাছিয়া আৰু চীনৰ সৈতে আমেৰিকাৰ সম্পর্ক উত্তেজনাপূর্ণ হৈ থকাৰ সময়তে দুয়োখন দেশৰ ওপৰত চাপ প্রয়োগ কৰাৰ বাবেই ট্রাম্পে সংগোপনে পাৰমাণৱিক পৰীক্ষা কৰোৱায়। আমেৰিকাই গোপনে পাৰমাণৱিক পৰীক্ষা কৰাৰ খবৰ প্ৰকাশ হোৱাৰ পাছতে সমগ্র বিশ্বতে এক জোকাৰণিৰ সৃষ্টি হয়। ৰাছিয়াৰ চৰকাৰী বাতৰি প্ৰতিষ্ঠান আৰ টি ডট কমে এই বাতৰি প্ৰকাশ কৰে। বাতৰি প্রতিষ্ঠানটোৰ মতে আমেৰিকাই এই পাৰমাণৱিক পৰীক্ষা কৰে দেশখনৰ আগশাৰীৰ পৰীক্ষণ কেন্দ্র নেভাডাত। নেভাডাত এই পৰীক্ষা কোনেও জানিব নোৱৰাকৈ অতি গোপনে সম্পন্ন কৰা হয়। ৰাছিয়াৰ বাতৰি প্ৰতিষ্ঠানটোৰ মতে আমেৰিকাই নেভাডাত বি৬১-১২ পাৰমাণৱিক বোমাৰ পৰীক্ষা কৰে যদিও এই বিষয়ে কোনেও কোনো কথা জানিব পৰা নাছিল। আমেৰিকাৰ বায়ু সেনাৰ এফ-৩৫ বিমানেৰে এই বোমাৰ পৰীক্ষা কৰে। 

মন কৰিবলগীয়া দিশটো আছিল এই বোমাত নিউক্লিয়েৰ ৱাৰহেড নাছিল। অর্থাৎ বোমাটো নিক্ষেপৰ বাবে কোনো অস্ত্র বা সঁজুলিৰ ব্যৱহাৰ কৰা হোৱা নাছিল আৰু আকাশৰ পৰা বিমানেৰে তললৈ পেলাই দিয়া হৈছিল। বাতৰি প্ৰতিষ্ঠানটোৰ মতে, এই গোপন পৰীক্ষাৰ মূল উদ্দেশ্য আছিল পাৰমাণৱিক বোমাটোৰ ক্ষমতাৰ বিষয়ে তথ্য আহৰণ কৰা। এই বোমাটোৰ পৰীক্ষা ১৯ৰ পৰা ২০ আগষ্টৰ ভিতৰত সম্পন্ন কৰা বুলি কোৱা হৈছে। উল্লেখযোগ্য যে কিছুদিন পূৰ্বে ৰাষ্ট্ৰপতি ট্রাম্পে এই বুলি কৈছিল যে পাকিস্তান আৰু ৰাছিয়াই পাৰমাণৱিক বোমাৰ পৰীক্ষা কৰিলে আমেৰিকায়ো পৰীক্ষা কৰিব পাৰে। পাৰমাণৱিক পৰীক্ষাৰ ভিডিঅ'ত দেখা পোৱা মতে এই পৰীক্ষাটোত আমেৰিকাৰ বায়ু সেনাৰ লেফটেনেন্ট জেক হাৰ্পাৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁৰ নেতৃত্বত বিশ্বৰ ভিতৰত আটাইতকৈ উন্নত যুঁজাৰু বিমান এফ-৩৫ লাইটনিং-২ক এই ৰহস্যময় অভিযানলৈ প্ৰেৰণ কৰা হৈছিল। এই অভিযানটোৰ নাম দিয়া হৈছিল 'অপাৰেশ্যন শ্বেডো ড্রপ'। এই পৰীক্ষাৰ বিষয়ে আমেৰিকাৰ তৰফৰ কোনো ধৰণৰ আগতীয়া বাতৰি প্ৰকাশ কৰা নাছিল বা সংবাদ মাধ্যমকো এই বিষয়ে জনোৱা হোৱা নাছিল। বাতৰি প্রতিষ্ঠানটোৱে দাবী কৰা মতে, পৰীক্ষণৰ প্ৰায় তিনি মাহৰ আগতে ৱাশ্বিংটনত এখন গোপন বৈঠক অনুষ্ঠিত হৈছিল আৰু ইয়াত পাৰমাণৱিক বিজ্ঞানীসকলে প্রকাশ কৰিছিল যে বি১৬-১২ বোমাৰ সেৱাৰ ম্যাদ আৰু ২০ বছৰ বৃদ্ধি কৰা হৈছে। পুৰণি বি৬১ মডেলৰ বোমাক নষ্ট কৰাৰ পৰিৱৰ্তে আধুনিক ৰূপ দিয়া হৈছে। ইয়াৰ পাছত এই বোমা প্রিচিছন গাইডেজ ছিষ্টেম, বিস্ফোৰণ কম শক্তিশালী হ'লেও অতি বিধ্বংসী প্রভাৱ পেলাব পৰা হৈ পৰে। নেভাডাত এই বোমাটো পৰীক্ষা কৰাৰ বাবে কোনো ধৰণৰ অস্ত্ৰ বা সঁজুলি ব্যৱহাৰ কৰা হোৱা নাছিল। বিমানেৰে নিয়ন্ত্ৰণ কক্ষৰ পৰা নিৰ্দেশ পোৱামাত্রেই নেভাডা মৰুভূমিৰ বালিত বিমানৰ পৰা তললৈ পেলাই দিয়া হৈছিল এই বোমাটো। ইয়াত থকা চেন্সৰৰ তথ্য মতে, বোমাটো সঠিক লক্ষ্য স্থানত পেলোৱা হয় আৰু ৩০ মিটাৰ ব্যাসাৰ্দ্ধৰ অঞ্চলত বিস্ফোৰিত হয়। এই বোমাটো পৰম্পৰাগত পাৰমাণৱিক বোমাৰ বিকল্প হিচাপে ব্যৱহাৰ কৰিব পাৰি আৰু ই অধিক প্ৰভাৱশালী হ'ব পাৰে। প্রয়োজনত এই বোমা ব্যৱহাৰ কৰি শত্ৰুৰ বাবে অধিক বিপৰ্যয়ৰ সৃষ্টি কৰিব পাৰে। কিন্তু এই বোমটোৰ পৰীক্ষাৰ প্রকৃতিক লৈ কেইবাখনো দেশ আৰু বিশেষজ্ঞসকলে উদ্বেগ প্রকাশ কৰিছে। 

আনহাতে আমেৰিকাৰ পাৰমাণৱিক বোমাৰ পৰীক্ষাই বিশ্বত পুনৰ পাৰমাণৱিক অস্ত্র প্রতিযোগিতা বৃদ্ধি কৰা তথা পাৰমাণৱিক অস্ত্ৰ প্ৰসাৰ ৰোধ তথা বিশ্বৰ সুস্থিৰতাত বিৰূপ প্ৰভাৱ পেলাব বুলি কোৱা হৈছে। ইফালে আমেৰিকাৰ পাৰমাণৱিক বোমা পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ পাছত এতিয়া ৰাছিয়ায়ো একে ধৰণৰ পৰীক্ষা আৰম্ভ কৰাৰ সম্ভাৱনা আছে। আমেৰিকাই পাৰমাণৱিক বোমাৰ পৰীক্ষা কৰিলে ৰাছিয়ায়ো কৰিব বুলি ইতিমধ্যে ঘোষণা কৰিছিল।

Share This