মুজতবা খামেনেইৰ মৃত্যুৰ বিষয়ত অপপ্ৰচাৰ চলাইছে আমেৰিকাই, ইৰানী বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ দাবী

dainik janambhumi May 02, 2026

ডিজিটেল ডেস্ক : 'ইৰানৰ সর্বোচ্চ নেতা মুজতবা খামেনেই সম্পূর্ণ সুস্থ অৱস্থাত আছে।' এই মন্তব্য সর্বোচ্চ নেতাজনৰ কাৰ্যালয়ৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ বিষয়া আয়াতুল্লা মহছিন কুৱামিৰ। শত্ৰু ৰাষ্ট্ৰ আমেৰিকা আৰু ইজৰাইলে খামেনেইৰ স্বাস্থ্য সম্পর্কত কিছুমনান ভুৱা তথ্য বিশ্বত বিয়পাই থকা বুলি প্ৰকাশ কৰি কুৱামিয়ে কয় যে যুদ্ধৰ সময়ত বিপক্ষৰ বিষয়ত কিছুমান উৰা বাতৰি প্ৰচাৰ কৰাটো পশ্চিমীয়া ৰাষ্ট্ৰসমূহৰ একপ্ৰকাৰৰ যুদ্ধ কৌশল। 

মুজতবা খামেনেই সন্দর্ভত কুৱামিয়ে কয় যে ২৮ ফেব্ৰুৱাৰীত ইজৰাইল-আমেৰিকাৰ আক্ৰমণৰ সময়ত খামেনেই সেই নির্দিষ্ট ভৱনটোতে আছিল। কিন্তু আল্লাৰ ইচ্ছা অনুসৰি বিস্ফোৰণৰ আগমুহূৰ্তত তেওঁ ভৱনটোৰ বাহিৰলৈ ওলাই গৈছিল। 

আল্লাই তেওঁক জীয়াই ৰাখিব বিচাৰিলে বুলি প্রকাশ কৰি কুৱামিয়ে কয় যে মুজতবা খামেনেই সম্পূর্ণ সুস্থ আৰু দেশৰ প্ৰশাসনিক কাম-কাজত ব্যস্ত হৈ আছে। তেওঁৰ তত্ত্বাৱধানতে আমেৰিকাৰে আলোচনাৰ প্ৰক্ৰিয়া আৰু যুদ্ধৰ কাম-কাজো চলি আছে। বৰ্তমানৰ পৰিস্থিতি খামেনেইৰ সম্পূৰ্ণ নিয়ন্ত্রণত আছে বুলিও কুৱামিয়ে প্রকাশ কৰে।

Share This