ডিজিটেল ডেস্ক : ইৰানৰ তৈল আন্তঃগাঁথনিত আক্ৰমণক কেন্দ্ৰ কৰি এইবাৰ মিত্ৰগোষ্ঠী আমেৰিকা আৰু ইজৰাইলৰ মাজতে সংঘাতৰ সৃষ্টি হৈছে। ইজৰাইলে ইৰানৰ প্ৰায় ৩০টা তৈল আন্তঃগাঁথনিত আক্ৰমণ কৰাৰ পাছতে আমেৰিকাৰ সৈতে ইহুদি ৰাষ্ট্ৰখনৰ মত পাৰ্থক্যৰ সৃষ্টি হৈছে। মিত্র দেশ দুখনে ২৮ ফেব্ৰুৱাৰীত ইৰানত আক্ৰমণ আৰম্ভ কৰাৰ পাছত এই প্ৰথমবাৰৰ বাবে মত-বিৰোধ ঘটিল।
উল্লেখযোগ্য যে যোৱা শনিবাৰে ইজৰাইলে ইৰানৰ তৈল আন্তঃগাঁথনিসমূহত ক্ষেপণাস্ত্ৰ আক্ৰমণ কৰে। এই আক্ৰমণত উপসাগৰীয় দেশখনৰ তেল আন্তঃগাঁথনিৰ বিস্তৰ ক্ষতি হোৱাৰ লগতে তেহৰানৰ বহু স্থানত বৃহৎ অগ্নিকাণ্ড সংঘটিত হয়। তৈল ভাণ্ডাৰত হোৱা আক্ৰমণৰ ফলত তেহৰানৰ আকাশ ক'লা ধোঁৱাই আৱৰি ধৰিছিল। ইৰানৰ তৈল ভাণ্ডাৰত ইজৰাইলৰ আক্ৰমণৰ পাছতে খৰ্গহস্ত হৈ পৰে ট্রাম্প প্রশাসন।
মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে এই আক্রমণত অসন্তুষ্টি প্রকাশ কৰি কয় যে ইজৰাইলৰ আক্ৰমণৰ বিষয়টো তেওঁৰ পচন্দ নহ'ল। ইফালে ইজৰাইলে প্রকাশ কৰিছে যে ইৰানে এই তেল ডিপ' আৰু শোধনাগাৰসমূহৰ পৰা বিভিন্ন গ্রাহক দেশৰ লগতে দেশখনৰ সামৰিক বাহিনীক তেল যোগান ধৰি আহিছে। তদুপৰি ইজৰাইলৰ আৱাসিক অঞ্চলত কৰা আক্ৰমণৰ প্রতিশোধ হিচাপেহে এই আক্রমণ কৰা বুলি ইজৰাইলে প্রকাশ কৰে।