ডিজিটেল ডেস্ক : ইৰানক সহজে পৰাজিত কৰাৰ লক্ষ্যৰে যুদ্ধ আৰম্ভ কৰি বৃহৎ মূল্য ভৰিব লগা হ'ল আমেৰিকাই। ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰ অহং মনোভাবৰ বাবেই যুদ্ধৰ ৩৮টা দিনত আমেৰিকাৰ খৰচ হ'ল প্রায় ৩৫ বিলিয়ন মার্কিন ডলাৰ। ভাৰতীয় টকাৰ হিচাপত প্রায় ২ লাখ ৯৪ হাজাৰ কোটি টকা ইতিমধ্যে আমেৰিকাই যুদ্ধখনত ব্যয় কৰিলে। সম্প্রতি আমেৰিকাই শান্তি আলোচনাৰ বাবে একপক্ষীয়ভাবে যুদ্ধ-বিৰতি ঘোষণা কৰিলেও ইৰানে কিন্তু এতিয়াও শান্তি আলোচনাত সন্মতি প্রদান কৰা নাই। উল্লেখযোগ্য যে ইৰানে পাৰমাণৱিক অস্ত্র মজুত ৰখাৰ অভিযোগ তুলি ইজৰাইলৰে লগ লাগি আমেৰিকাই ২৮ ফেব্ৰুৱাৰীত ইৰানত ভয়াৱহ আক্ৰমণ আৰম্ভ কৰে।
আমেৰিকা-ইজৰাইলৰ ভয়ংকৰ আক্ৰমণত ইৰানৰ সৰ্বোচ্চ নেতা আয়াতুল্লা আলী খামেনেইৰ মৃত্যু হয় আৰু আলী খামেনেইৰ পুত্ৰ তথা বৰ্তমানৰ সৰ্বোচ্চ নেতা মুজতবা খামেনেই গুৰুতৰভাৱে আহত হয়। এই আক্ৰমণৰ প্ৰতিশোধকল্পে ইৰানেও প্রচণ্ড আক্ৰমণ আৰম্ভকৰাত দিশহাৰা হৈ পৰে আমেৰিকা-ইজৰাইল। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে দেশখনৰ অস্ত্ৰৰ ভাণ্ডাৰৰ প্ৰায়ভাগ অস্ত্ৰ যুদ্ধত ব্যৱহাৰ কৰিও জয়লাভ কৰিব নোৱাৰিলে। পেন্টাগনৰ ভিতৰুৱা তথ্য অনুসৰি ইৰানৰে যুদ্ধখনত মার্কিন সেনাই টমাহক ক্রুজ মিছাইল, পেট্রিয়ট ইণ্টাৰচেপ্টৰ মিছাইলকে ধৰি সহস্রাধিক উচ্চ পৰ্যায়ৰ ঘাতক অস্ত্ৰ ব্যৱহাৰ কৰিলে। যিয়েই আমেৰিকাৰ যুদ্ধ কৰাৰ ক্ষমতাত বৃহৎ চাপৰ সৃষ্টি কৰিছে। যুদ্ধৰ প্ৰকৃত ব্যয় সন্দৰ্ভত হোৱাইট হাউছে এতিয়ালৈকে কোনো তথ্য প্রকাশ কৰা নাই যদিও বেচৰকাৰী সংস্থাৰ তথ্য অনুসৰি ৩৮ দিনত আমেৰিকাৰ প্ৰায় ৩৫ বিলিয়ন ডলাৰ খৰচ হ'ল। প্রায় প্রতিদিনেই এক বিলিয়ন ডলাৰ খৰচ হোৱা বুলিও প্রকাশ। মার্কিন প্ৰতিৰক্ষা বিভাগৰ উদ্ধৃতিৰে নিউয়র্ক টাইমছে প্রকাশ কৰিছে যে মার্কিন সেনাই ইৰান আক্রমণত ১,১০০টা 'জইণ্ট এয়াৰ-টু-ছার্ফেছ ষ্টেণ্ডঅফ মিছাইল-একষ্টেণ্ডেড ৰেঞ্জ' ব্যৱহাৰ কৰিলে।
যাৰ ফলত এই মিছাইল আৰু মাত্র ১,৫০০টাহে অস্ত্ৰ ভাণ্ডাৰত আছেগৈ। এই মিছাইলৰ এটাৰ দামেই হৈছে প্রায় ১.১ নিযুত ডলাৰ। মার্কিন বাহিনীয়ে ১০০০টা টমাহক ক্রুজ মিছাইলেৰে ইৰানত আক্ৰমণ চলাইছিল। প্ৰতিবছৰে আমেৰিকাই ক্ৰয় কৰা টমাহক মিছাইলতকৈ এই আক্রমণত ১০গুণ অধিক এই মিছাইল ব্যৱহাৰ কৰে। ইয়াৰ একোটাৰ মূল্য হ'ল ৩.৬ নিযুত ডলাৰ। ইফালে, দেশখনে ১২০০টা পেট্রিয়ট ইণ্টাৰচেপ্টৰ মিছাইল ইৰানৰ ওপৰত বৰ্ষণ কৰে। যাৰ একোটাৰ দাম ৪ নিযুত ডলাৰ। তথাপি ইৰানক পৰাজিত কৰিব নোৱাৰিলে ট্রাম্প বাহিনীয়ে। তাৰ বিপৰীতে নিজেই পৰাজয়ৰ গৰাহত পৰি অনির্দিষ্টকালীন যুদ্ধ-বিৰতি ঘোষণা কৰিব লগা হ'ল বহ্বল্কী ড'নাল্ড ট্রাম্পে।