ডিজিটেল ডেস্ক : 'আমেৰিকাই ইৰানক বিভাজিত কৰি তৈল সম্পদত নিজৰ অধিকাৰ সাব্যস্ত কৰিব বিচাৰিছে।' এই গুৰুত্বপূৰ্ণ মন্তব্য ইৰানৰ বিদেশ মন্ত্ৰ্যালয়ৰ মুখপাত্র ইছমাইল বাঘাইৰ। তেহৰানত সংবাদ মাধ্যমৰ সন্মুখত আমেৰিকাৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰি বাঘায়ে কয় যে আমেৰিকা আৰু ইজৰাইলে অৰম্ভ কৰা এই যুদ্ধখন পচন্দৰ যুদ্ধ নহয়, প্রয়োজনীয়তাৰ যুদ্ধহে।
ইৰানে এই যুদ্ধ আৰম্ভ কৰা নাছিল, আমেৰিকাইহে নিজৰ প্রয়োজন পূৰাবৰ বাবে যুদ্ধ আৰম্ভ কৰে। তেওঁ কয় যে আমেৰিকা আৰু ইজৰাইলৰ এই যুদ্ধৰ লক্ষ্য আৰু উদ্দেশ্য এতিয়া পৰিষ্কাৰ হৈ পৰিছে। আমাৰ দেশৰ তেল সম্পদৰ ওপৰত অবৈধ দখল সাব্যস্ত কৰাৰ বাবেই দেশ দুখনে যুদ্ধ আৰম্ভ কৰা বুলি ইছমাইল বাঘায়ে অভিযোগ কৰে।
তেওঁ কয় যে শত্রু ৰাষ্ট্ৰ দুখনৰ লক্ষ্য হৈছে ইৰানৰ সাৰ্বভৌমত্ব উলংঘন কৰা, দেশখনৰ জনতাক পৰাস্ত কৰা আৰু মানৱীয়তাক পদদলিত কৰা। যেতিয়ালৈকে সামৰিক আক্রমণ চলি থাকিব, তেতিয়ালৈ যুদ্ধবিৰতিৰ সন্দৰ্ভত আলোচনা অসম্ভৱ বুলিও তেওঁ কয়।