ডিজিটেল ডেস্ক : পশ্চিম এছিয়াৰ যুদ্ধই যি সময়ত তৃতীয় বিশ্ব যুদ্ধৰ আশংকা ঘনীভূত কৰিছে, সেই সময়তে মহাকাশত শ্রেষ্ঠত্ব প্ৰতিপন্ন কৰাৰ ক্ষেত্ৰতো বিভিন্ন দেশে যেন শীতল যুদ্ধত জড়িত হৈ পৰিছে। বিশেষকৈ চীন আৰু আমেৰিকাই চন্দ্ৰত আধিপত্য বিস্তাৰৰ বাবে মহাকাশ যুঁজত নামি পৰিছে। আমেৰিকাৰ মহাকাশ গৱেষণা প্রতিষ্ঠান নাছাই চনত চন্দ্ৰলৈ মহাকাশচাৰী প্ৰেৰণৰ বাবে আর্টেমিছ প্ৰ'গ্ৰেম আৰম্ভ কৰাৰ সময়তে চীনো পিছ পৰি থকা নাই।
চীনে ২০৩০ চনত চন্দ্রলৈ মহাকাশচাৰী প্ৰেৰণৰ বাবে বিভিন্ন পৰীক্ষা-নিৰীক্ষা আৰম্ভকৰিছে। ইতিমধ্যে চীনৰ মহাকাশ ২০২৮ গৱেষণা কেন্দ্ৰই চন্দ্ৰ অভিযানৰ বাবে বিভিন্ন পৰীক্ষাত গুৰুত্বপূৰ্ণ অগ্রগতি লাভ কৰা বুলি প্রকাশ কৰিছে। চন্দ্ৰত মানৱ অৱতৰণৰ বাবে মুখ্য ৰকেট, মহাকাশযান আৰু লেণ্ডাৰৰ পৰীক্ষাত সফলতা লাভ কৰিছে দেশখনে।
চন্দ্ৰলৈ মহাকাশচাৰী কঢ়িয়াই নিবলগা 'লং মার্চ-১০' ৰকেটত নিম্ন উচ্চতাৰ উৰণৰ পৰীক্ষণ সফলতাৰে সম্পূৰ্ণ হৈছে। কম উচ্চতাত উৰণৰ এই পৰীক্ষণে ৰকেটৰ ইঞ্জিনৰ প্ৰদৰ্শন আৰু স্থিতিশীলতাৰ প্ৰমাণ স্পষ্ট কৰিছে। এই ৰকেটটোৱে মহাকাশচাৰীৰ সৈতে মহকাশযান খন আৰু লেণ্ডাৰখনক মহাকাশলৈ লৈ যাব।