পাকিস্তানত অভূতপূৰ্ব জল-সংকট

dainik janambhumi June 10, 2025

ডিজিটেল ডেস্ক : পহলগাম সন্ত্রাস আক্ৰমণৰ পাছতেই ১৯৬০ চনত স্বাক্ষৰিত সিন্ধু জল চুক্তি ৰূপায়ণত ভাৰতে নিষেধাজ্ঞা আৰোপ কৰাৰ পাছতেই পাকিস্তানত অভূতপূর্ব জল-সংকটৰ সৃষ্টি হোৱাৰ ঘটনাৰ বিষয়ে পোহৰলৈ আহিছে। পাকিস্তানৰ এখন চৰকাৰী প্ৰতিবেদনত কোৱা হৈছে যে সিন্ধু নদী ব্যৱস্থাৰ পৰা লাভ কৰা পানীৰ বাৰ্ষিক ১৩.৩% হ্রাস পোৱাৰ লগতে পঞ্জাব প্রদেশৰ জল সমস্যাৰ সন্মুখীন হোৱা কৃষিভূমিলৈ পানী যোগান হ্রাস পাইছে। 

দেশখনৰ সিন্ধু নদী ব্যৱস্থাপনা কৰ্তৃপক্ষৰ প্ৰতিবেদন মর্মে ৫ জুনত বান্ধসমূহলৈ সিন্ধুৰ পৰা ১২৪,৫০০ কিউছেক (প্রায় ১২৮ লিটাৰ প্ৰতি ছেকেণ্ড) পানী যোগান ধৰা হয়। আনহাতে, যোৱা বছৰত একেই সময়ত ইয়াৰ পৰিমাণ আছিল প্রায় ১,৪৪,০০০ কিউছেক। এই সংকটে দেশখনত খাৰিফ আৰু বৰ্ষাকালীন শস্য ৰোপণ কৰাত ক্ষতিগ্রস্ত কৰিব বুলি বিশেষজ্ঞসকলে প্রকাশ কৰিছে। বর্ষা ঋতুৰ সময়ত বৰষুণে পানী যোগান উন্নত কৰিব পাৰে যদিও পাকিস্তানৰ পঞ্জাব প্রদেশৰ কৃষি কাৰ্য গভীৰ সংকটৰ কবলত পৰিছে। 

এজন বিশেষজ্ঞই কয় যে পাকিস্তানত সিন্ধু নদী ব্যৱস্থাৰ সৈতে থকা সংৰক্ষিত জলধাৰা আৰু নদীসমূহত পানীৰ পৰিমাণ কম আৰু সেই বাবে দেশখনৰ কৃষকসকল সংকটত পৰছে। তেওঁ কয় যে এই সংকটে তীব্ৰ ৰূপ ধৰণে কৰিব পাৰে। সংবাদ মাধ্যমে প্রকাশ কৰা অনুসৰি ভাৰতে এই গুৰুত্বপূৰ্ণ চুক্তিত নিষেধাজ্ঞা আৰোপ কৰাৰ পাছত পুনৰ দ্বিতীয় সপ্তাহলৈকে থকা খাৰিফ শস্যৰ বতৰত পাকিস্তানত জল যোগান ২১%লৈ হ্রাস হৈছে। পাকিস্তানত এই সপ্তাহত গৰমৰ প্রকোপো বৃদ্ধি পাব। দেশখনৰ প্ৰায়বোৰ প্ৰদেশৰ বাসিন্দালৈ গৰমৰ প্ৰকোপৰ সম্ভাৱনাৰ বাবেই সতর্কবাণী জাৰি কৰা হৈছে।

Share This