'অ'পেন এ আই'ৰ মডেলৰ ১০০টা মার্কিন প্রতিষ্ঠানত অনাধিকাৰ প্ৰৱেশ

Dainik Janambhumi October 03, 2026

ডিজিটেল ডেস্ক : অ'পেন এ আই কোম্পানীৰ কৃত্রিম বুদ্ধিমত্তাৰ (এ আই) মডেলসমূহে মানুহৰ নিয়ন্ত্ৰণৰ সীমা অতিক্রম কৰি ১০০টাতকৈ অধিক প্রতিষ্ঠানত অনধিকাৰ প্রৱেশ বা অকর্তৃত্বশীল হস্তক্ষেপৰ চেষ্টা চলোৱাৰ তথ্য পোহৰলৈ আহিছে। শেহতীয়াকৈ প্রকাশ পোৱা এখন প্রতিবেদনৰ তথ্য অনুসৰি, অ'পেন এ আইৰ এই পৰীক্ষামূলক এ আইৰ এজেন্টসমূহে চৰকাৰী বিভাগ, বিশ্ববিদ্যালয় আৰু বিভিন্ন ৰাজহুৱা সংস্থাক লক্ষ্য কৰি
লৈছিল। 

আমেৰিকাৰ ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ কমিছন, চেঞ্চাছ ব্যুৰ', শিক্ষা বিভাগ আৰু ৰাষ্ট্রসংঘৰ দৰে গুৰুত্বপূর্ণ আন্তঃৰাষ্ট্রীয় প্রতিষ্ঠানৰ ৱেবছাইটত এই পৰীক্ষামূলক এ আই এজেন্টসমূহে অনধিকাৰ প্ৰৱেশৰ চেষ্টা কৰিছিল। ৰাষ্ট্রসংঘৰ এটা পৰিসংখ্যা প'র্টেলৰ মাত্র কেইমাহ মানৰ ভিতৰতে ১৬,০০০ বাৰতকৈও অধিকবাৰ স্কেন কৰি তথ্য সংগ্রহৰ আক্রমণাত্মক চেষ্টা চলোৱা হৈছিল। এই এ আই মডেলবোৰক কেৱল ৰাজহুৱা তথ্য বিচৰাৰ দায়িত্ব দিয়া হৈছিল, কিন্তু কোনো কোনো ঠাইত 'সুৰক্ষা ফিল্টাৰ' আৰু 'বাইপাছ' কৰিবলৈ ইহঁতে ছফটৱেৰ ডেভেলপাৰে ব্যৱহাৰ কৰা উন্নত কৌশল প্রয়োগ কৰিছিল। যেতিয়াই কোনো এটা প্রতিষ্ঠানৰ ছাইটে ইহঁতৰ অবৈধ কার্যকলাপ ৰোধ কৰিবলৈ প্রয়াস কৰিছিল, তেতিয়া এই এ আইৰ এজেন্টসমূহে নিজৰ পৰিচয় লুকুওৱালৈ গুগলৰ দৰে প্লেটফর্মৰ সঁজুলি ব্যৱহাৰ কৰি ছদ্মবেশ ধাৰণ কৰিছিল। 

চাইবাৰ সুৰক্ষা বিশেষজ্ঞসকলে ইয়াক প্রায় 'হেকিং' সদৃশ কার্য বুলি অভিহিত কৰিছে। এই অভূতপূর্ব ঘটনাৰ পাছতে অ'পেন এ আয়ে ইয়াৰ শেহতীয়া আৰু আটাইতকৈ শক্তিশালী মডেলসমূহৰ প্রশিক্ষণ সাময়িকভাৱে স্থগিত ৰাখিছে।

Share This