ডিজিটেল ডেস্ক : সদৌ অসম ছাত্র সন্থাই 'প্রত্যাশা ২.০' প্ৰকল্পৰ অধীনত ইউ পি এছ চিৰ মূল পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে বিশেষ জলপানি আগবঢ়াবলৈ অনুষ্ঠিত কৰা বাছনী পৰীক্ষাৰ কালি ফলাফল ঘোষণা কৰা হৈছে। সদৌ অসম ছাত্র সন্থাই কালি বিশেষ জলপানি লাভ কৰিবলগীয়া ৩৪ গৰাকী পৰীক্ষাৰ্থীৰ তালিকা ঘোষণা কৰে। উল্লেখযোগ্য যে আছুৱে 'প্রত্যাশা ২.০' প্ৰকল্পৰ আধাৰত অসমৰ পৰা এইবাৰ ইউ পি এছ চিৰ প্ৰাৰম্ভিক পৰীক্ষাত উত্তীর্ণ প্রার্থীসকলক মূল পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে সাজু হ'বলৈ পৰিয়ালৰ বাৰ্ষিক উপাৰ্জন আৰু প্রয়োজনীয়তাৰ ভিত্তিত ৫০,০০০ টকাকৈ এককালীন জলপানি প্ৰদানৰ বাছনী পৰীক্ষা অনুষ্ঠিত কৰিছিল।
এই পৰীক্ষাৰ কালি ঘোষণা কৰা ফলাফল অনুসৰি ৰক্তিম ভড়ালী, সুদর্শন গোস্বামী, কৌশিক দত্ত, অলকেশ পাটিৰ, তন্ময় দাস, দেৱেশ যাদৱ, আশিস বৰদলৈ, অৰিন্দম কলিতা, চিত্ৰৰঞ্জন বৰুৱা, বিজু চেত্রী, অংকিত বৰা, সীমা দৈমাৰী, চাৰ্মিলং ৰংফাৰ, অভিজিৎ চৌধুৰী, পাপ্পু যাদৱ, সংযুক্তা গোস্বামী, ঈৰছাদ আলী, অভয় শৰ্মা, ঋষভ শৰ্মা, কৃষ্ণ আগৰৱাল, প্ৰণৱ বৰ্মন, ধৃতিমান বৰ্মন, অনুপ কুমাৰ মহতো, অংকুৰ কুমাৰ দেউৰী, নেইমা আখতাৰ চৌধুৰী, কুনাল ব্রহ্ম কার্জী, প্রণত কাশ্যপ, বাসৱ ৰঞ্জন দাহাল, ত্রিনয়ন দাস, শিৱাংগী কাশ্যপ বৰা, কৌটিল্য কমল বুঢ়াগোহাঁই, ত্রিদিশা ঠাকুৰীয়া, অবিনাশ কাশ্যপ বৰা আৰু অনিকেত কৰ্মকাৰে উত্তীৰ্ণ হয়। আনহাতে, জলপানি লাভ কৰিবলৈ পৰীক্ষাৰ্থীসকলে নিজৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ সবিশেষ তথ্য আৰু ব্যয়ৰ প্ৰমাণ-পত্ৰ ছাত্ৰ সন্থালৈ ই-মেইলযোগে প্রদান কৰিব লাগিব।
আছুৰ সভাপতি উৎপল শর্মা, সাধাৰণ সম্পাদক সমীৰণ ফুকনে এক বিবৃতিযোগে ফলাফল ঘোষণা কৰাৰ লগতে প্রয়োজনীয় তথ্য সংগঠনৰ ই-মেইল aasu@aasu.org.in লৈ প্ৰেৰণ কৰিবলৈ আহ্বান জনায়।