ডিজিটেল ডেস্ক : পুষ্টিকৰ খাদ্য গাখীৰক বৰবিহত পৰিণত কৰা গুজৰাটৰ এটা ফেক্টৰী উৎখাত কৰিবলৈ সক্ষম হৈছে ভাৰতৰ খাদ্য সুৰক্ষা আৰু মানক প্ৰাধিকৰণে (এফ এছ এছ এ আই)। প্রকৃত ডেইৰীৰ পৰিৱৰ্তে ৰাসায়নিক দ্রব্য ব্যৱহাৰ কৰি গোপনে ফেক্টৰীটোত যোৱা ৫ বছৰে ভেজাল গাখীৰ প্ৰস্তুত কৰি থকা হৈছিল। যোৱা ৮ ফেব্ৰুৱাৰীত এফ এছ এছ এ আয়ে নিশ্চিত কৰে যে গুজৰাটৰ সবৰকণ্ঠ জিলাৰ এটা গাখীৰ প্ৰস্তুতকাৰী ফেক্টৰীত তেওঁলোকৰ বিষয়াবর্গই তালাচী চলায়। ফেক্টৰীটোত ইউৰিয়া আৰু ডিটাৰজেন্ট পাউডাৰেৰে প্ৰস্তুত কৰা গাখীৰ ৰাজ্যখনৰ বিভিন্ন অঞ্চলত বিক্ৰী কৰি আহিছিল এটা অসাধু ব্যবসায়ী চক্রই।
জনস্বাস্থ্যৰ প্রতি গভীৰ উদ্বেগৰ সৃষ্টি কৰি অহা এই চক্রটোৱে কম পৰিমাণৰ প্ৰকৃত গাখীৰৰ সৈতে ইউৰিয়া আৰু সংসাধিত পাউডাৰ মিশ্ৰণ কৰি গাখীৰৰ নামত বৰবিহ বিক্ৰী কৰি আহিছিল। অনুসন্ধানকাৰীসকলে কয় যে দৈনিক ১৭০০-১৮০০ লিটাৰ ভেজাল গাখীৰ প্ৰস্তুত কৰোঁতে কেৱল ৩০০ লিটাৰহে প্রকৃত গাখীৰৰ মিশ্ৰণ কৰিছিল অসাধু ব্যৱসায়ী চক্রটোৱে।
গুজৰাট আৰক্ষীৰ অপৰাধ শাখাই এফ এছ এছ এ আইৰ সৈতে যুটীয়া অভিযান চলাই জিলাখনৰ চালাল গাঁৱত থকা শ্রীসত্য ডেইৰী প্রডাক্ট ফেক্টৰীটো উৎখাত কৰে আৰু প্ৰায় ৪০০০ লিটাৰ ভেজাল গাখীৰ জব্দ কৰে আৰু প্রায় ৭১ লাখ টকাৰ কেঁচা সামগ্ৰী আৰু ৰাসায়নিক দ্রব্য নষ্ট কৰে।