ইৰানত আমেৰিকাৰ আক্ৰমণ, মধ্য প্ৰাচ্যৰ আকাশমাৰ্গত বিমান চলাচল ব্যাহত

dainik janambhumi June 23, 2025

ডিজিটেল ডেস্কঃ ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাই আক্ৰমণ কৰাৰ পাছত মধ্য প্রাচ্যৰ আকাশত বিমান চলাচল ব্যাহত হৈছে। বিমান উৰণৰ ট্রেকিং ৱেবছাইট ফ্লাইট ৰাডাৰ ২৪-এ প্রকাশ কৰা অনুসৰি, ইতিমধ্যে ইৰান-ইজৰাইলৰ যুদ্ধৰ পৰিপ্ৰেক্ষিতত আকাশত ক্ষেপণাস্ত্ৰৰ বিনিময় হোৱাৰ বাবে মধ্য প্রাচ্যৰ আকাশত বিমান চলাচল ব্যাহত হয়।

১৩ জুনত ইজৰাইলে ইৰানত আক্ৰমণ কৰাৰ পাছত আক্রান্ত দেশসমূহ অভিমুখী বিমানসমূহৰ চলাচল বিভিন্ন দেশে স্থগিত ৰাখিছিল। ইজৰাইলৰ দুখন বৃহৎ পৰিবাহী বিমান, ই আই এ আই ইজৰাইল এয়াৰলাইনছ আৰু আৰ্কিয়াৰ চলাচল উদ্ধাৰ কাৰ্যত ব্যৱহাৰ কৰাৰ পৰা বিৰত আছে।

ইজৰাইলী বিমান বন্দৰ কৰ্তৃপক্ষই কয় যে দেশখনৰ আকাশমাৰ্গ সকলো বিমানৰ উৰণৰ বাবে বন্ধ থাকিব, কিন্তু ইজিপ্ত আৰু জর্ডানৰ আকাশেৰে অতিক্ৰম কৰাটো মুকলি থাকিব। ইফালে, ইৰানত আমেৰিকাৰ আক্ৰমণৰ পাছত ইৰানৰ আকাশমাৰ্গ বন্ধ থকাৰ বাবে চেন্নাইৰ পৰা লণ্ডন অভিমুখী এখন ব্রিটিছ এয়াৰৱেজৰ বিমান পুনৰ ভাৰতলৈ ঘূৰি আহে। ব্ৰিটিছ এয়াৰৱেজৰ বিমানখনে ২০৬জন যাত্ৰীক লৈ পুনৰ চেন্নাইলৈ ঘূৰি আহে।

Share This