ডিজিটেল ডেস্ক: পুনৰ বৃদ্ধি পালে খাৰুৱা তেলৰ দাম। মধ্য প্রাচ্যৰ যুদ্ধ পৰিস্থিতিৰ ফলত প্ৰতি বেৰল খাৰুৱা তেলৰ দাম ১২৬.৪১ ডলাৰলৈ বৃদ্ধি পালে। ২০২২ চনৰ মাৰ্চৰ পাছত বৃহস্পতিবাৰে খাৰুৱা তেলৰ প্ৰতি বেৰলৰ মূল্য সর্বাধিক বৃদ্ধি পালে।
ইৰানৰ বিৰুদ্ধে আমেৰিকা আৰু ইজৰাইলে চলাই থকা যুদ্ধৰ পৰিণতিত ইৰানে হৰমুজ প্রণালী বন্ধ কৰি ৰাখিছে। আমেৰিকাৰ নৌ-সেনায়ো হৰমুজ প্রণালী অৱৰোধ কৰি থৈছে। যাৰ পৰিণতিত খাৰুৱা তেল পৰিবাহী জাহাজসমূহ গন্তব্য স্থানলৈ যাব পৰা নাই। হৰমুজ প্রণালী বন্ধ হৈ থকাৰ ফলতেই বিশ্বজুৰি খাৰুৱা তেলৰ দাম বৃদ্ধি পাইছে।
ৰাছিয়া-ইউক্রেইন যুদ্ধৰ ফলত ২০২২ চনৰ ৯ মাৰ্চত খাৰুৱা তেলৰ দাম প্রতি বেৰলত ১৩০ ডলাৰলৈ বৃদ্ধি পাইছিল। ইয়াৰ পাছতেই বৃহস্পতিবাৰে সৰ্বাধিক বৃদ্ধি পালে খাৰুৱা তেলৰ দাম। ইফালে, মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে প্রকাশ কৰিছে যে হৰমুজ প্রণালীৰ মার্কিন অৱৰোধ অব্যাহত থাকিব।