ডিজিটেল ডেস্ক : আমেৰিকাৰ ইৰান আক্ৰমণ। আমেৰিকাই ইৰানৰ তিনিটাকৈ স্থানত ক্ষেপণাস্ত্ৰৰে বিস্ফোৰণ সংঘটিত কৰে। ফৰ্ড’, নাটাঞ্জ আৰু ইছফাহান ইৰানৰ তিনিটা মূল পাৰমাণৱিক ঘাটিত আমেৰিকাৰ যুদ্ধযানে আক্ৰমণ সংঘটিত কৰে।
উল্লেখযোগ্য যে ট্ৰাম্পে ইৰানক বান্ধি দিয়া ১৫ দিনৰ চৰম সীমা সম্পূৰ্ণ হোৱাৰ পূৰ্বেই আমেৰিকাই ইৰানত আক্ৰমণ সংঘটিত কৰে। আক্ৰমণ সংঘটিত কৰিয়ে ট্ৰাম্পে ক’লে- NOW IS THE TIME FOR PEACE। ইৰানত তিনিটা পাৰমাণৱিক ঘাটিত বিস্ফোৰণ সংঘটিত কৰি ট্ৰাম্পে সামাজিক মাধ্যমত প্ৰকাশ কৰে আক্ৰমণৰ সফলতাৰ কথা। লগতে প্ৰকাশ কৰে আমেৰিকাৰ সকলো যুদ্ধযান ইৰানৰ আকাশমাৰ্গৰ সীমাৰ পৰা হানি-বিঘিনি নোহোৱাকৈ ওলাই অহাৰ কথা।
আনহাতে, এই আক্ৰমণৰ পাছতেই ট্ৰাম্পে সংবাদমেল সম্বোধন কৰি ইৰানে শীঘ্ৰে শান্তিৰ বাবে আগবাঢ়ি নাহিলে ইৰানৰ আনবোৰ লক্ষ্যস্থানতো আক্ৰমণ কৰাৰ ভাবুকি দিয়ে। ট্ৰাম্পে কয়, ইৰানে শান্তিৰ বাবে আগবাঢ়ি আহক, অন্যথা ডাঙৰ ট্ৰেজেডীৰ বাবে সাজু হওক।