ডিজিটেল ডেস্ক : ইৰানৰ শোচনীয় অর্থনৈতিক অৱস্থাৰ বাবে দেশখনৰ সর্বোচ্চ নেতা আয়াতুল্লা আলী খামেনেইক জগৰীয়া কৰি সৃষ্টি হোৱা প্রতিবাদ অব্যাহত আছে। ইৰানৰ ৩১খন প্রদেশৰ ২৭খনতে খামেনেই-বিৰোধী প্রতিবাদত উত্তাল কৰি ৰাখিছে প্রতিবাদকাৰীয়ে। মঙলবাৰে দেশখনৰ ২৫০খন ঠাইলৈ হিংসাত্মক প্রতিবাদ সম্প্ৰসাৰিত হয়। এই হিংসাত্মক প্রতিবাদত মৃতকৰ সংখ্যা ৩৫ জনলৈ বৃদ্ধি পাইছে। মঙলবাৰে প্ৰতিবাদকাৰীসকলে অভিযোগ কৰে যে দেশখনৰ পশ্চিম অংশৰ এখন প্ৰদেশত প্রতিবাদকাৰীৰ সন্ধানত নিৰাপত্তা বাহিনীয়ে এখন হস্পিটেলত তালাচী চলায় আৰু নির্বিচাৰে গুলীচালনা কৰে। আমেৰিকাৰ মানৱধিকাৰ সংগঠনে দাবী কৰিছে যে এতিয়ালৈকে ইৰানৰ নিৰাপত্তা বাহিনীয়ে দেশখনৰ ১২০০ প্রতিবাদকাৰীক আটক কৰিছে।
ইফালে, ইৰানৰ শান্তিপূর্ণ প্রতিবাদীৰ ওপৰত আক্ৰমণ চলালে টেহৰানৰ পৰিণতি বিষম হ'ব বুলি ইতিমধ্যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে খামেনেইক সকীয়াই থৈছে। আনহাতে, যোৱা বছৰ ১২ দিন ইৰানৰ বিৰুদ্ধে যুদ্ধ কৰা ইৰজাইলেও আকৌ ইবানত আক্ৰমণৰ ভাবুকি দিছে। আমেৰিকা আৰু ইজৰাইলৰ সম্মিলিত শক্তিয়ে ইতিমধ্যে ইৰানৰ প্ৰতিবাদকাৰীসকলৰ পক্ষ লৈছে। ইৰানৰ সৰ্বোচ্চ নেতা খামেনেইক উৎখাত কৰাৰ বাবে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেটান্যাহুৱে মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পৰ সৈতে সুৰতে সুৰ মিলাই পুনৰ ইৰান আক্ৰমণৰ ভাবুকি দিছে। ইফালে বিভিন্ন সংবাদ মাধ্যমে দাবী কৰিছে যে ইৰানৰ সাম্প্রতিক পৰিস্থিতিৰ পূর্ণ সুযোগ লৈ দেশখনত আমেৰিকাই আক্রমণ চলাব। আমেৰিকা আৰু ইজৰাইলৰ এই ৰণহুংকাৰৰ পাছত ইৰানৰ সৰ্বোচ্চ নেতা খামেনেইও পিছপৰি থকা নাই।
ইৰানৰ সামৰিক বাহিনীক ইজৰাইল-আমেৰিকাৰ বাহিনীক প্রতিহত কৰিবলৈ সষ্টম হ'বলৈ নির্দেশ দিছে খামেনেই। ট্রাম্পৰ ৰঙা চকুক ইৰানে ভয় নকৰে বুলি কালি খামেনেই মন্তব্য কৰে। আনহাতে, ইজৰাই লে যোৱা বছৰৰ যুদ্ধ পৰিণতি পাহৰাটো উচিত নহয় বুলিও খামেনেই হুংকাৰ দিছে। শেহতীয়া খবৰ অনুসৰি, আমেৰিকাই চি আই এক আৰু ইজৰাইলে মোছাদৰ এজেণ্টক ইতিমধ্যে ইৰানত সক্ৰিয় কৰিছে আৰু শীঘ্ৰেই আমেৰিকা-ইজৰাইলৰ সম্মিলিত শক্তিয়ে ইৰানত আক্ৰমণ কৰিব বুলি বিভিন্ন সংবাদ মাধ্যমে দাবী কৰিছে।