বিব্রত মার্কিন সেনা বাহিনী, ইৰানী ড্ৰ'নৰ সংহাৰ

dainik janambhumi March 07, 2026

ডিজিটেল ডেস্ক: মধ্য প্রাচ্যত চলি থকা যুদ্ধত ইৰানৰ অবিৰত আক্ৰমণৰ ৰূপ দেখি উদ্বিগ্ন হৈ পৰিছে আমেৰিকা। মার্কিন সেনাৰ বিষয়াসকলে কয় যে ইৰানৰ ইছলামিক ৰিভ'লিউশ্যনেৰী গার্ড ক'ৰে (আই আৰ জি চি) নিক্ষেপ কৰা সকলো ড্র'ন সম্পূৰ্ণৰূপে প্ৰতিৰোধ কৰাটো সম্ভৱপৰ নহয়। অৱশ্যে অধিকাংশ ড্র'ন বিধ্বস্ত কৰা হৈছে। 

আই আৰ জি চিয়ে অবিৰাম আৰু প্রচণ্ড গতিত কৰি থকা ড্র'ন আক্ৰমণৰ ফলত কিছুমান ড্র'ন সাৰি গৈছে। 'দ্য গার্ডিয়ান'ত প্রকাশ পোৱা এটা বাতৰি মতে, মার্কিন সেনাৰ শীর্ষ বিষয়া ডেন কেনে আমেৰিকাৰ সাংসদসকলৰ বন্ধ কোঠাত অনুষ্ঠিত এখন গোপন বৈঠকত এই কথা জনায়। বিষয়াজনে কয় যে ইৰানে বৃহৎসংখ্যক আত্মঘাতী ড্র'নেৰে আমেৰিকাৰ সামৰিক ঘাটি আৰু প্ৰতিৰক্ষা সা-সম্পত্তিক লক্ষ্য কৰি লৈছে। বিষয়াজনে কয়, 'ইবানে হাজাৰ হাজাৰ ড্ৰ'ন সাজু কৰি ৰাখিছে। ইয়াৰ লগতে অহৰহ ড্র'নেবে আক্রমণ কৰি আছে। ইয়াৰে অধিকাংশ বিধ্বস্ত কৰা হৈছে যদিও সকলো ড্র'ন ধ্বংস কৰাটো সম্ভৱপৰ নহয়।' 

বিশেষজ্ঞসকলে প্রকাশ কৰা মতে, ইৰানে যিমান পাৰি ড্ৰ'নেৰে আক্ৰমণ কৰি আমেৰিকা আৰু ইজৰাইলক অতি ব্যায়বহুল ইন্টাৰচেফ্টৰ ক্ষেপণাস্ত্ৰ ব্যৱহাৰ কৰিবলৈ বাধ্য কৰোৱাইছে। কিয়নো ড্র'নৰ দাম কম। এই ড্র'ন ধ্বংস কৰাৰ বাবে ব্যৱহাৰ কৰা পেট্রিয়ৎ আৰু থাড প্রতিৰক্ষা প্রণালী অতি ব্যয়বহুল। আমেৰিকাৰ বিষয়াসকলৰ মতে, ইৰানে ব্যৱহাৰ কৰা ড্র'ন আমেৰিকাৰ অস্ত্ৰতকৈ কম ব্যয়বহুল আৰু অতি মাৰাত্মক তথা বিপজ্জনক। বিষয়াসকলে লগতে প্রকাশ কৰে যে ইৰানী ড্র'ন নিচেই তলেৰে মন্থৰ গতিৰে যায় আৰু সেয়েহে পৰম্পৰাগত এয়াৰ ডিফেন্স প্রণালীয়ে ধৰা পেলোৱাটো আৰু ধ্বংস কৰাটো কঠিন। বিশেষকৈ ইৰানৰ আত্মঘাতী শ্বাহেদ ডবিন অতি বিপজ্জনক। সেয়েহে এতিয়া আমেৰিকাই নিজৰ যুদ্ধ নীতি সলনি কৰিবলৈও বাধ্য হৈ পৰিছে। 

আমেৰিকাই এতিয়া নিক্ষেপ কৰা ড্র'ন বিধ্বস্ত কৰাতকৈ ড্র'নৰ ঘাটিসমূহ ধ্বংস কৰাত অধিক গুৰুত্ব আৰোপ কৰিছে। মার্কিন সেনাৰ এজন বিষয়াই কয়, 'আমি এতিয়া ড্র'ন আৰু ক্ষেপণাস্ত্র নিক্ষেপ কৰা স্থানসমূহত আক্ৰমণ কৰি বিধ্বস্ত কৰাত অধিক গুৰুত্ব আৰোপ কৰিছে, যাতে আক্রমণ হ্রাস কৰিব পাৰি।' উল্লেখযোগ্য যে ইৰানে কেইদিনমানৰ আগতে নিজৰ ড্ৰ'নৰ ভাণ্ডাৰৰ বিষয়ে উল্লেখ কৰি প্ৰকাশ কৰিছিল যে ইয়াত প্রায় ৮৫ হাজাৰ ড্ৰ'ন মজুত আছে।

Share This