আমেৰিকাৰ ক্ষেপণাস্ত্ৰই প্ৰাণ ল'লে ১৪ ইৰানীৰ

dainik janambhumi July 11, 2026

ডিজিটেল ডেস্ক : আমেৰিকা আৰু ইৰানৰ মাজত পুনৰ আৰম্ভ হোৱা যুদ্ধই সমগ্ৰ বিশ্বৰ অর্থনীতিত গভীৰ প্ৰভাৱ পেলোৱাৰ আশংকা কৰা হৈছে। বৃহস্পতিবাৰে নিশাও দুয়োপক্ষৰ মাজত প্রচণ্ড আক্রমণ-প্রত্যাক্রমণ চলে। আমেৰিকাৰ চেন্ট্রেল কমাণ্ডে জনোৱা মতে, বৃহস্পতিবাৰে নিশা ইৰানৰ কমেও ৯০টা সামৰিক আৰু আন গুৰুত্বপূৰ্ণ স্থানত আক্ৰমণ কৰা হয়। মার্কিন বায়ুসেনাই ইৰানৰ এয়াৰ ডিফেন্স প্রণালী, ক্ষেপণাস্ত্ৰ আৰু ড্র'ন মজুত ৰখা স্থান আদিত ভয়ংকৰ আক্ৰমণ কৰে। আমেৰিকাৰ আক্ৰমণত ইৰানৰ ছাবহাৰ বন্দৰৰো ক্ষতি হয়। এই বন্দৰটোৰ নিৰ্মাণত ভাৰতে আর্থিকভাৱে ইৰানক সহায় কৰিছিল। 

ছাবহাৰ বন্দৰত ভাৰতে বৃহৎ পৰিমাণৰ ধন বিনিয়োগ কৰিছিল। মার্কিন সেনাৰ আক্ৰমণত ভাৰতে বন্দৰটোত নিৰ্মাণ কৰা শাহিদ বেহেস্তী টার্মিনেলত কেইবাটাও ক্ষেপণাস্ত্র পৰাত বৃহৎ ক্ষতি হয়। এই টার্মিনেলৰ নির্মাণত ভাৰতে কেইবা কোটি ডলাৰ ব্যয় কৰিছিল। এই টার্মিনেলটো ভাৰতৰ বাবে মধ্য এছিয়াত প্ৰৱেশদ্বাৰস্বৰূপ আছিল। ভাৰতে এই বন্দৰটোৰ জৰিয়তে মধ্য এছিয়াৰ দেশসমূহলৈ সামগ্ৰী প্ৰেৰণ কৰিছিল। 

আমেৰিকাৰ আক্ৰমণৰ ফলত এতিয়া পশ্চিম এছিয়া আৰু ৰাছিয়ালৈ ভাৰতীয় সামগ্ৰী প্ৰেৰণ অনির্দিষ্ট কাললৈ ব্যাহত হোৱাৰ আশংকা কৰা হৈছে। ই ভাৰতীয় ৰপ্তানিকাৰীসকলৰ বাবেও এক ডাঙৰ বিপর্যয় বুলি কোৱা হৈছে।

Share This