ইৰানৰে সংঘাতৰ মাজতে পেন্টাগনৰ সিদ্ধান্ত, হঠাৎ অপসাৰিত আমেৰিকাৰ নৌ সচিব

dainik janambhumi April 24, 2026

ডিজিটেল ডেস্ক: আমেৰিকাৰ নৌ সচিব জন ফেলানক হঠাৎ অপসাৰণ কৰা হৈছে। ইৰানৰ সৈতে যুদ্ধ এক জটিল পর্যায়ত উপনীত হোৱা, আমেৰিকাই অনির্দিষ্ট কাললৈ যুদ্ধবিৰতি ঘোষণা কৰা আৰু ইৰান-আমেৰিকাৰ শান্তি আলোচনাক লৈ অচলাৱস্থা অব্যাহত থকা অৱস্থাতে হঠাৎ আমেৰিকাৰ নৌ সচিবগৰাকীক অপসাৰণ কৰাটো গুৰুত্বপূৰ্ণ ঘটনা। 

উল্লেখযোগ্য যে চলিত মাহৰ প্ৰথম ভাগত আমেৰিকাৰ সেনাধ্যক্ষ ৰাণ্ডী জৰ্জক কোনো কাৰণ নদৰ্শোৱাকৈ অপসাৰণ কৰা হৈছিল। পাছত চৰকাৰে কৈছিল যে সেনা সচিব ডেনিয়েল ড্রিছ্কলৰ সৈতে থকা মতভেদৰ বাবে তেওঁক অপসাৰণৰ সিদ্ধান্ত লোৱা হৈছিল। 

মন কৰিবলগীয়া যে ইৰান-আমেৰিকাৰ যুদ্ধৰ মাজতে আমেৰিকাৰ দুজন জেনেৰেল ডেভিড হ'ডনে আৰু কনিষ্ঠ উইলিয়াম গ্রীনক অপসাৰণ কৰা হৈছিল। সূত্রমতে আমেৰিকাৰ নৌ বহৰ বৃদ্ধি কৰাৰ লক্ষ্যৰে প্ৰস্তুত কৰা জাহাজ নিৰ্মাণৰ সংস্কাৰ নীতি বলৱৎ কৰাত অতি লেহেম হোৱা বাবেই ফেলানক অপসাৰণ কৰা হয়।

Share This