মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পে দুপৰীয়াৰ আহাৰ গ্রহণ কৰিলে পাক সেনাৰ মুৰব্বীৰ সৈতে

dainik janambhumi June 19, 2025

ডিজিটেল ডেস্কঃ ভাৰত-পাকিস্তানৰ সন্দৰ্ভত আমেৰিকাৰ দুমুখীয়া নীতি পুনৰ প্ৰকাশ পাইছে। আমেৰিকাৰ পাকিস্তান প্রীতি পুনৰ দেখা পোৱা গৈছে। পাঁচদিনীয়া আমেৰিকা ভ্রমণ-সূচীৰে বাশ্বিংটনত দেওবাৰে উপস্থিত হোৱা পাকিস্তানৰ সেনাৰ মুৰব্বী তথা তথাকথিত ফিল্ড মার্শাল আছিম মুনিৰৰ সৈতে বুধবাৰে (স্থানীয় সময়) দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে। 

১৪ জুনত আমেৰিকাত আয়োজিত মার্কিন সেনাৰ ২৫০ বছৰীয়া বার্ষিকীত পাক সেনাৰ বিতর্কিত মুৰব্বীজনক আমন্ত্রণ জনোৱাটো আমেৰিকাই - অস্বীকাৰ কৰাৰ কেইদিনমানৰ পাছতেই গৈ আমেৰিকাত হাজিৰ হয় আছিম মুনিৰ।

বুধবাৰে দুপৰীয়া ১ বজাত (ৱাশ্বিংটনৰ সময়) দুপৰীয়াৰ আহাৰৰ সময়ত পাক সেনাৰ মুৰব্বীজনে ৰাষ্ট্ৰপতি ট্রাম্পক সাক্ষাৎ কৰে। হোৱাইট হাউছৰ কেবিনেট কমে ৰাষ্ট্ৰপতিজনৰ দৈনিক সূচীৰ সময়ত এই কথা প্ৰকাশ কৰিছে। আছিম মুনিৰে মার্কিন বিদেশ সচিব মাক' কবিঅ' আৰু প্ৰতিৰক্ষা সচিব পীট হেগছেথকো সাক্ষাৎ কৰিব। 

এই সময়ত পাকিস্তানৰে সম্পৰ্ক উন্নত কৰাত আমেৰিকাৰ স্বাৰ্থ নিহিত হৈ আছে। ইজৰাইল আৰু ইৰানৰ মাজৰ যুদ্ধ চলি থকাৰ সময়তে আমেৰিকায়ো ইৰান আক্ৰমণৰ ভাবুকি দিছে। উল্লেখযোগ্য যে পাকিস্তানে ইৰানৰ সৈতে
সীমান্ত ভাগ-বাটোৱাৰা কৰে। 

সেইবাবে আমেৰিকাই ইৰান আক্ৰমণৰ বাবে পাকিস্তানত সামৰিক ঘাটি পতাৰ কৌশল ৰচনা কৰিছে। আমেৰিকাত ভাৰতৰ বিৰুদ্ধে বিজয়ৰ বিষয়ে উল্লেখ পাক সেনাৰ মুৰব্বীৰ: ভাৰতক পুনৰ প্ৰত্যাহ্বান জনাই পাকিস্তানৰ বিতর্কিত সেনাৰ মুৰব্বী আছিম মুনিৰে ৱাশ্বিংটনৰ এখন হোটেলত ভাষণ দিয়ে। মুনিৰে পাকিস্তানী ৰাজনীতিক আব্দুল ৰাজ্জাক ৰাজাৰ সৈতে ভাৰত-বিৰোধী শ্ল'গান দি কয় যে ভাৰতৰ বিৰুদ্ধে বিজয়ৰ বাবে এই অনুষ্ঠানটো বাশ্বিংটনৰ হোটেলখনত আয়োজন কৰা হৈছে। 

আমেৰিকাত প্ৰৱাসী পাকিস্তানীসকলৰ সন্মুখত ভাষণ দি মুনিৰে কয় যে ভাৰতে এতিয়া পাকিস্তানৰ ওচৰত হাৰ মানিলে। ভাৰতৰ বিদেশ নীতিও ব্যর্থ হ'ল বুলি কটাক্ষ কৰে আছিম মুনিৰে। আমেৰিকাত থিয় হৈ ভাৰতৰ বিৰুদ্ধে মুনিৰে অপপ্ৰচাৰ চলোৱাটো লক্ষণীয় হৈ পৰিছে।

Share This