'আটাইতকৈ গভীৰ, অন্ধকাৰ চীনৰ হাতত ভাৰত-ৰাছিয়াক হেৰুৱালোঁ' , সামাজিক মাধ্যমত মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পৰ প'ষ্ট

dainik janambhumi September 06, 2025

ডিজিটেল ডেস্ক : 'ভাৰত আৰু ৰাছিয়াক আমি 'সকলোতকৈ গভীৰ আৰু অন্ধকাৰ (deepest and darkest)' চীনৰ হাতত হেৰুৱালোঁ'- সামাজিক মাধ্যমত এই মন্তব্য প্রকাশ কৰিছে মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে। ইয়াৰ লগতে ট্রাম্পে চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিং, ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী একেলগে থকা ২০১৭ চনৰ ব্রিক্‌ছ শীর্ষ সন্মিলনৰ এখন ফটোও সামাজিক মাধ্যমত দিয়ে। 

শেহতীয়াকৈ চীনৰ টিয়ানজিনত অনুষ্ঠিত ছাংহাই সহযোগিতা সংগঠনৰ (এছ চি অ') শীর্ষ সন্মিলনৰ ফটো সামাজিক মাধ্যমত প্রকাশ কৰি ট্রাম্পে কয়, 'আমি ভাৰত আৰু ৰাছিয়াক আটাইতকৈ গভীৰ আৰু অন্ধকাৰ চীনৰ হাতত হেৰুৱালোঁ যেন লাগিছে। ঈশ্বৰে কৰক, তেওঁলোকৰ ভৱিষ্যৎ দীঘলীয়া আৰু সমৃদ্ধ হওক।' উল্লেখযোগ্য যে ট্রাম্পে ভাৰতৰ বিৰুদ্ধে ৫০% শুল্ক আৰোপ কৰাৰ পাছৰে পৰা দুয়োখন দেশৰ মাজত চৰম তিক্ততাৰ সৃষ্টি হৈছে। ইয়াৰ মাজতে প্রধানমন্ত্রী মোদী আৰু পুটিনে চীন ভ্ৰমণ কৰি চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙৰ সৈতে একেখন মঞ্চতে থিয় হয়। ইফালে কালি ট্রাম্পে আমেৰিকাৰ উচ্চতম ন্যায়ালয়ত এখন আবেদন দাখিল কৰি তেওঁৰ শুল্ক নীতিক অবৈধ বুলি নিম্ন আদালতে দিয়া ৰায়ক প্রত্যাহ্বান জনায়। নিম্ন আদালতে ৰায়টোত কয় যে ট্রাম্পে বিদেশী সামগ্ৰীত বৃহৎ হাৰত শুল্ক আৰোপ কৰিব নোৱাৰে। 

এই ৰায়ৰ বিৰুদ্ধে ট্রাম্পে উচ্চতম ন্যায়ালয়ত দাখিল কৰা আৱেদনত এইবুলি কয় যে ৰাছিয়া-ইউক্রেইন যুদ্ধ বন্ধ কৰাৰ বাবে ভাৰতৰ বিৰুদ্ধে বৃহৎ হাৰত শুল্ক আৰোপ কৰাৰ অত্যন্ত প্রয়োজন। ট্রাম্পে উচ্চতম ন্যায়ালয়ত এইবুলি যুক্তি দিয়ে যে ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয়ৰ কাৰণে ভাৰতৰ বিৰুদ্ধে শুল্ক আৰোপ কৰা হৈছে যে যাতে যুদ্ধৰ অন্ত পেলোৱাত সহায় হয়। নতুন দিল্লীৰ পৰা পোৱা বাতৰি মতে, ভাৰতৰ বিদেশ মন্ত্ৰ্যালয়ে ট্রাম্পৰ এই মন্তব্যত কোনোধৰণৰ প্রতিক্রিয়া প্রকাশ নকৰিলে। বিদেশ মন্ত্ৰ্যালয়ৰ এজন মুখপাত্রই কয়, 'এই বিষয়টোত মন্তব্য দিবলৈ আমাৰ হাতত একো নাই।'

Share This