মাৰ্কিন ৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ দৌৰত আন এজন ভাৰতীয় বংশোদ্ভূত লোক, কোন তেওঁ?
Jyoti Borah
July 30, 2023
ডিজিটেল ডেস্কঃ বিদেশৰ ৰাজনীতিত ইতিমধ্যে বহু ভাৰতীয় মূলৰ লোকে আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছে। এইবাৰ আন এজন ভাৰতীয়-আমেৰিকানে ২০২৪ চনৰ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰিছে। ভাৰতীয়-আমেৰিকান অভিযন্তা হৰ্ষ বৰ্ধন সিঙে শেহতীয়াকৈ আনুষ্ঠানিকভাৱে ফেডাৰেল নিৰ্বাচন আয়োগৰ ওচৰত মনোনয়ন দাখিল কৰিছে।
হৰ্ষ বৰ্ধন হৈছে নিকি হেলি আৰু বিবেক ৰাধাস্বামীৰ পিছত ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰতিদ্বন্দিতা কৰা তৃতীয়গৰাকী ভাৰতীয় বংশোদ্ভূত প্ৰাৰ্থী। হৰ্ষ বৰ্ধন সিঙে টুইটাৰত কয় যে তেওঁ এজন আজীৱন ৰিপাব্লিকান আৰু আমেৰিকাৰ নিউ জাৰ্চি ৰিপাব্লিকান পাৰ্টিৰ ৰক্ষণশীল শাখাটো পুনৰুদ্ধাৰ কৰিবলৈ কাম কৰি আহিছে। তিনি মিনিটৰ ভিডিঅ' বাৰ্তাত সিঙে কয় - যোৱা কেইবছৰমানত সংঘটিত হোৱা পৰিৱৰ্তনবোৰ আৰু অধিক তৰান্বিত কৰিবলৈ আৰু আমেৰিকাৰ মূল্যবোধ পুনৰুদ্ধাৰ কৰিবলৈ শক্তিশালী নেতৃত্বৰ প্ৰয়োজন। সেইকাৰণে মই আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি পদৰ বাবে ২০২৪ চনৰ নিৰ্বাচনত ৰিপাব্লিকান পাৰ্টিৰ পৰা মনোনয়ন দাখিল কৰিবলৈ সিদ্ধান্ত লৈছো।
৩৮ বছৰীয়া হৰ্ষ বৰ্ধনৰ পূৰ্বে দক্ষিণ কেৰোলিনাৰ প্ৰাক্তন গভৰ্ণৰ ৫১ বছৰীয়া হেলী আৰু ৩৭ বছৰীয়া কোটিপতি উদ্যোগী ৰামাস্বামীয়ে এই বছৰৰ আৰম্ভণিতে আমেৰিকাৰ শীৰ্ষ পদটোৰ বাবে প্ৰাৰ্থিত্ব ঘোষণা কৰিছিল।
ভাৰতীয় মূলৰ হৰ্ষ বৰ্ধন সিঙক ২০০৩ চনত আমেৰিকান ইনষ্টিটিউট অৱ এৰোনটিক্স এণ্ড এষ্ট্ৰোনটিক্সে সন্মানিত কৰিছিল। তেওঁক এভিয়েচন এম্বেচেডৰ বঁটা প্ৰদান কৰা হৈছিল। হৰ্ষবৰ্ধন সিঙে ২০০৯ চনত নিউ জাৰ্চি ইনষ্টিটিউট অৱ টেকনলজীৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল। তেওঁ সেই প্ৰতিষ্ঠানৰ পৰাই স্নাতক ডিগ্ৰী লাভ কৰিছিল। ২০১৭ চনত হৰ্ষ বৰ্ধন সিঙে ৰাজনীতিত প্ৰৱেশ কৰিছিল। তেওঁ নিউ জাৰ্চীৰ গভৰ্ণৰৰ বাবে প্ৰতিদ্বন্দিতা কৰিছিল আৰু ৯.৮ শতাংশ ভোটৰ অংশৰ সৈতে তৃতীয় স্থানত আছিল।
Share This