ডিজিটেল ডেস্ক : মধ্য প্রাচ্যত শেহতীয়াকৈ আমেৰিকা-ই ৰানৰ মাজত চলা আক্রমণ-প্রত্যাক্রমণ বৃহস্পতিবাৰেও অব্যাহত থাকে। ইৰানে অভিযোগ কৰে যে আমেৰিকাই ইৰানৰ বুশ্বহৰ পাৰমাণৱিক বৈদ্যুতিক প্ৰকল্পৰ সমীপত আক্রমণ চলায়। সংবাদ মাধ্যমৰ বাতৰি মতে বৃহস্পতিবাৰে দুপৰীয়া ১২ বজাত আমেৰিকাই এই আক্রমণ কৰে। নিউয়র্ক টাইমূৰ মতে যোৱা দুটা দিনত ইৰানৰ ১৭০তকৈ অধিক সামৰিক স্থানত আমেৰিকাই ক্ষেপণাস্ত্র আৰু ড্ৰনেৰে আক্ৰমণ কৰিছে। আমেৰিকাৰ চেন্ট্রেল কমাণ্ডৰ মতে, এই আক্রমণত এয়াৰ ডিফেন্স ছিষ্টেম, ড্র'ন আৰু ক্ষেপণাস্ত্র ভাণ্ডাৰ, সেনাৰ স্পীড ব'ট আৰু হৰমুজ প্রণালীৰ সমীপৰ উপকূলীয় অঞ্চলত থকা সেনাৰ শিবিৰ, কাৰ্যালয় আদিক লক্ষ্য কৰি লোৱা হৈছে। চেন্ট্রেল কমাণ্ডে আৰু কয় যে বৃহস্পতিবাৰে আমেৰিকাই ইৰানৰ ৯০ ঠাইত আক্রমণ কৰে।
ইফালে আমেৰিকাৰ আক্ৰমণৰ প্ৰত্যুত্তৰত ইৰানেও কাটাৰ, কুৱেইট আৰু বাহৰেইনত থকা আমেৰিকাৰ সামৰিক ঘাটিবোৰত আক্ৰমণ কৰে। ইৰানী সেনাৰ মতে, এই আক্ৰমণত কুৱেইটত পেট্রিয়ট মিছাইল ছিষ্টেম, কাটাৰত আর্লি ৱার্নিং ছেটেলাইট এন্টেনা আৰু বাহৰেইনত আমেৰিকাৰ সেনাৰ ইন্ধনৰ ভাণ্ডাৰ লক্ষ্য কৰি লোৱা হৈছে। সংবাদ মাধ্যমৰ বাতৰি মতে বৃহস্পতিবাৰে বিয়লি জর্দানতো ক্ষেপণাস্ত্ৰৰ বাবে সতৰ্কীকৰণৰ ছাইৰেনৰ শব্দ শুনা যায়। ইফালে আমেৰিকাৰ আক্ৰমণত ইৰানত দুদিনত ১৪জন লোকৰ মৃত্যু হৈছে আৰু ৭৮জন আহত হৈছে। ইৰানৰ স্বাস্থ্য মন্ত্ৰ্যালয়ে বৃহস্পতিবাৰে এই কথা জনায়।
মন্ত্ৰ্যালয়ৰ মতে হতাহতৰ বেছিসংখ্যকেই সশস্ত্র বাহিনীৰ লোক। যোৱা এপ্ৰিলৰ পৰা প্ৰথমবাৰৰ বাবে আমেৰিকাই ইৰানৰ দলংবোৰ লক্ষ্য কৰি লৈছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে জনায় যে ইৰানৰ উত্তৰ-পূৰ্বাঞ্চলৰ গোলেস্তান প্ৰদেশত এখন ৰে'লপথৰ দলঙত আক্ৰমণ কৰা হৈছে। ইৰানৰ ৰিভলিউশ্যনেৰী গাৰ্ডৰ মতে ইৰানৰ প্ৰয়াত সর্বোচ্চ নেতা আয়াতোল্লা আলী খামেনেইক সমাধিস্থ কৰাৰ পৰিকল্পনা কৰা মাশ্বাদলৈ যোৱাৰ পথৰ দুখন দলঙতো বৃহস্পতিবাৰে আমেৰিকাই আক্ৰমণ কৰে।