ভাৰতৰ বিৰুদ্ধে আমেৰিকাৰ ৫০% শুল্ক আজিৰ পৰা হ'ব কাৰ্যকৰী

dainik janambhumi August 27, 2025

ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰপতি ট্রাম্পৰ প্রশাসনে আমেৰিকালৈ ভাৰতৰ পৰা ৰপ্তানি কৰা সামগ্ৰীত আৰোপ কৰা অতিৰিক্ত ২৫% শুল্ক ভাৰতীয় সময়মতে আজি পুৱা ৯-৩১ বজাৰ পৰা কাৰ্যকৰী হ'ল। এই অতিৰিক্ত ২৫% শুল্ক কাৰ্যকৰী হোৱাৰ লগে লগে দেশখনে ভাৰতৰ পৰা আমদানি কৰা সামগ্ৰীত আৰোপ কৰা কৰৰ পৰিমাণ ৫০%লৈ বৃদ্ধি পাব। 

উল্লেখযোগ্য যে ইয়াৰ আগতে বাণিজ্যিক ঘাটিৰ দোহাই দি আমেৰিকাই যোৱা সাত আগষ্টত ভাৰতীয় সামগ্ৰীত ২৫% শুল্ক আৰোপ কৰিছিল। আমেৰিকাই ভাৰতীয় সামগ্ৰীত অতিৰিক্ত ২৫% শুল্ক আৰোপ কৰাৰ চৰকাৰী আদেশ প্ৰকাশ কৰাৰ আগে আগে এখন জাননী জাৰি কৰে। এই জাননীত কোৱা হয় যে ভাৰতীয় সামগ্ৰীত আৰোপ কৰা নতুন শুল্ক ২৭ আগষ্টৰ পৰা কাৰ্যকৰী হ'ব। 

ট্রাম্প প্রশাসনৰ মতে, ভাৰতে ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কৰি থকাটোৱে প্রত্যক্ষভাৱে আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তাত প্রভাৱ পেলাইছে। সেয়েহে ২৭ আগষ্টৰ পৰা অতিৰিক্ত ২৫% শুল্ক আৰোপ কৰা হৈছে। ইয়াৰ আগতে আমেৰিকাৰ উপৰাষ্ট্ৰপতি জে ডি ভেন্সে কয় যে ৰাছিয়াক হেঁচা দিয়া আৰু দেশখনৰ অৰ্থনীতিক দুর্বল কৰাৰ লক্ষ্যৰেই ভাৰতৰ বিৰুদ্ধে অতিৰিক্ত ২৫% শুল্ক আৰোপ কৰা হৈছে। উল্লেখযোগ্য যে ভাৰত আৰু আমেৰিকাৰ মাজত বাণিজ্যিক চুক্তিত আৰোপ কৰা কিছুমান চৰ্ত নতুন দিল্লীয়ে মানি নোলোৱাত ৰাষ্ট্ৰপতি ট্রাম্প ক্ষুব্ধ হৈ পৰে। 

জানিব পৰা মতে, আমেৰিকাই ভাৰতত দুগ্ধ আৰু কৃষি খণ্ডত প্ৰৱেশ কৰিবলৈ বিচাৰিছিল। ভাৰতে ইয়াৰ অনুমতি নিদিয়াত ক্ষুব্ধ হৈ পৰা ট্রাম্পে ২৫% অতিৰিক্ত শুল্ক আৰোপ কৰাৰ কথা ঘোষণা কৰে।

Share This