মধ্যপ্রাচ্যত সংকটত মার্কিন প্রযুক্তি কোম্পানী

dainik janambhumi March 14, 2026

ডিজিটেল ডেস্ক  : আমেৰিকা-ইজৰাইলৰ আক্ৰমণৰ প্রতিশোধকল্পে এইবাৰ ইৰানে মধ্যপ্রাচ্যত থকা মার্কিন প্রযুক্তি কোম্পানীবোৰৰ শাখা কার্যালয়বোৰত আঘাত হনাৰ লক্ষ্য লৈছে। যোৱা ১১ মার্চত আমেৰিকা-ইজৰাইলৰে ইৰানৰ যুদ্ধই ১২ দিন অতিক্ৰম কৰাৰ পাছত ইৰানী ৰিভলুশ্যনেৰী গার্ড কর্পছ-এ (আই আৰ জি চি) টেলিগ্রামযোগে এক তালিকা প্রকাশ কৰে। আই আৰ জি চিৰ অনুমোদিত টাছনিম নিউজ এজেঞ্চিয়ে প্রকাশ কৰা মতে, এইবাৰ ইৰানে আক্ৰমণৰ লক্ষ্য কৰি ল'ব মধ্যপ্রাচ্যত থকা মার্কিন প্রযুক্তি কোম্পানী-গুগল, মাইক্র'ছফট, এমাজন, এনভিডিয়া, আই বি এম, অৰেক'লৰ দৰে কোম্পানীবোৰৰ শাখা কার্যালয়সমূহ।
 

এই প্রযুক্তি কোম্পানীবোৰৰ আঞ্চলিক কার্যালয়, ডাটা চেণ্টাৰ আৰু গৱেষণা প্ৰতিষ্ঠানবোৰক আক্ৰমণৰ লক্ষ্য কৰি লৈছে ইৰানৰ সামৰিক বাহিনীয়ে। আই আৰ জি চিৰে জড়িত খাতাক আল-আনবিয়াৰ মুখ্য কার্যালয়ে প্রকাশ কৰা বিবৃতিটোত কোৱা হৈছে যে ইৰানৰ সংহত সেনাই অতি সোনকালে মার্কিন প্রযুক্তি খণ্ডৰ মধ্যপ্রাচ্যৰ ভেটি ধ্বংস কৰিব।

ইফালে, এই ঘোষণাৰ পূৰ্বেই ইতিমধ্যে যুদ্ধৰ দশম দিনটোত ইৰানী ড্ৰ'ন আক্ৰমণত সমগ্র উপসাগৰীয় অঞ্চলত এমাজনৰ ৱেব সেৱা কেন্দ্র বিধ্বস্ত হৈছিল। ইউ এ ইত এমাজনৰ দুটা ডাটা কেন্দ্র আৰু বাহৰেইনত ইৰানী আক্ৰমণত এটা এমাজন ডাটা কেন্দ্র ক্ষতিগ্রস্ত হয়। ইৰানী আক্রমণত এই ডাটা কেন্দ্ৰ দুটাৰ আন্তঃগাঁথনি ক্ষতিগ্রস্ত হোৱাৰ লগতে 'অফলাইন' হৈ পৰিছিল।

Share This