ডিজিটেল ডেস্ক : ইৰানৰে যুদ্ধত ভাগ লোৱা মার্কিন সামৰিক বাহিনীৰ সৈন্য চূড়ান্ত হতাশাত ভুগিছে। ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰ নিৰ্দেশত যোৱা এমাহ ধৰি ইৰানৰ বিৰুদ্ধে অবিৰাম যুদ্ধ চলাই আছে মার্কিন সামৰিক বাহিনীয়ে। কিন্তু যুদ্ধত জয়লাভৰ লক্ষণ নেদেখি কার্যতঃ হতাশ হৈ পৰিছে মার্কিন সেনা বিষয়া-জোৱান।
উল্লেখযোগ্য যে ইৰানক আমেৰিকাৰ অধীনলৈ আনি দেশখনৰ তেলৰ ভাণ্ডাৰ দখল কৰাৰ পৰিকল্পনাৰে যোৱা ২৮ ফেব্ৰুৱাৰীত ড'নাল্ড ট্রাম্পে তেহৰানৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে। ইৰানৰে যুদ্ধত আমেৰিকাক সহায় কৰিছে ইজৰাইলে। কিন্তু যোৱা এটা মাহত ইৰানে যিদৰে শত্রু ৰাষ্ট্ৰ দুখনক উভতি ধৰিছে, সিয়েই আমেৰিকাৰ জয়ৰ সম্ভাৱনা সুদূৰ পৰাহত কৰি তুলিছে। ইৰানৰ নেতৃত্ব পৰিৱৰ্তন কৰি দেশখনক নিজৰ আঙুলিৰ ঠাঁৰত নচুওৱাৰ ৰাষ্ট্ৰপতি ট্রাম্পৰ পৰিকল্পনা কার্যতঃ ব্যর্থ হোৱাৰ পাছত হতাশ হৈ পৰিছে দেশখনৰ তিনিওটা সামৰিক বাহিনীৰ সদস্যসকল।
সামৰিক বিষয়া-জোৱানসকল ইমানেই হতাশাগ্রস্ত হৈ পৰিছে যে সামৰিক শিবিৰৰ পৰা ওলাই গৈ কাষৰ ক্লাবত সুৰা পাটি, নৃত্যানুষ্ঠানত নিজৰ সকলো নগদ ধন খৰচ কৰি পেলাইছে। এই হতাশাগ্রস্ত সেনা জোৱানসকলৰ বেছিভাগকে অহা সপ্তাহত ইৰানৰে যুদ্ধৰ বাবে পশ্চিম এছিয়ালৈ প্রেৰণ কৰা হ'ব। ছান ডিয়েগ'ৰ নৃত্যাংগনা চার্ম ডাজেই মার্কিন সেনাৰ হতাশাগ্রস্ততাৰ কথা প্রকাশ কৰিছে। এটা টিক্ ভিডিঅ'যোগে যুৱ মার্কিন সেনা জোৱানসকলৰ এই গোপনীয় তথ্য প্রকাশ কৰা ডাজেৰ অনুগামী প্রায় ৯ লাখ। ইতিমধ্যে ভিডিঅ'টোৱে বিশ্বজুৰি খলকনি তুলিছে।