ডিজিটেল ডেস্ক : আমেৰিকা আৰু ইউক্রেইনে বুধবাৰে (স্থানীয় সময়) এখন 'অর্থনৈতিক অংশীদাৰিত্ব 'ৰ চুক্তিত স্বাক্ষৰ কৰে। এই বহু প্রতীক্ষিত চুক্তিখনৰ জৰিয়তে ৱাশ্বিংটনে কীভৰ খনিজ সম্পদসমূহ অন্বেষণ কৰাৰ সুযোগ লাভ কৰিব আৰু ইয়াৰ পৰিৱৰ্তে আমেৰিকাই ইউক্রেইনত পুঁজি বিনিয়োগ কৰিব। যোৱা জানুৱাৰী মাহত ৰাষ্ট্ৰপতি ট্রাম্পে আমেৰিকাৰ শাসনভাৰ লোৱাৰ পাছৰে পৰা আমেৰিকা আৰু ইউক্রেইনৰ মাজত এখন প্রাকৃতিক সম্পদৰ চুক্তি স্বাক্ষৰ কৰাৰ দিশত ট্রাম্পে প্রচেষ্টা চলাই আছিল।
ৰাছিয়াৰ সৈতে যুদ্ধ কৰি অৰ্থনৈতিকভাৱে বিধ্বস্ত হৈ পৰা ইউক্রেইনক বিত্তীয় সাহায্যৰ লোভ দি ৰাষ্ট্ৰপতি ট্রাম্পে ইউক্রেইনৰ বহুমূলীয়া খনিজ সম্পদ আহৰণ কৰাত আপ্রাণ চেষ্টা চলাই আছিল। দুয়োখন দেশৰ মাজত চুক্তিখনক লৈ অঁৰিয়াঅঁৰি চলি থকাৰ মাজতে ৰাষ্ট্ৰপতি ট্রাম্পে ইউক্রেইনৰ সামৰিক সাহায্যও বন্ধ কৰিছিল। এই খনিজ চুক্তিখন বুধবাৰে আমেৰিকাৰ হৈ ট্ৰেজাৰী সচিব স্কট বেথান্তে আৰু ইউক্রেইনৰ হৈ উপ-প্রধানমন্ত্রী য়ুলিআ চিভিৰিডেনক'ই বাশ্বিংটনত স্বাক্ষৰ কৰে। বুধবাৰে বিয়লি আমেৰিকাৰ ট্ৰেজাৰী বিভাগৰ পৰা প্ৰকাশ কৰা বিবৃতি অনুসৰি, এই নতুন চুক্তিয়ে ইউক্রেইনক গুৰুত্বপূৰ্ণ বিত্তীয় আৰু সামগ্ৰীৰ সমর্থন আমেৰিকাৰ পৰা প্ৰদান কৰিছে। এই চুক্তিখনে ইউক্রেইনৰ বিকাশৰ দুৱাৰ পুনৰ মুকলি কৰিব বুলি মার্কিন ট্রেজাৰী বিভাগে কয়।
বিশেষকৈ ৰাছিয়াৰ বিৰুদ্ধে যুদ্ধ চলাই থকাৰ বাবে বিধ্বস্ত হোৱা ইউক্রেইনৰ অর্থনীতি পুনৰ গঢ় লৈ উঠিব বুলি আমেৰিকাই প্রকাশ কৰিছে। ইউক্রেইনৰ উপ-প্রধানমন্ত্ৰীগৰাকীয়ে কয় যে চুক্তিখনৰ বাবে এতিয়া তেওঁলোকৰ দেশখনত বিনিয়োগ কৰিবলৈ বিশ্বৰ দেশসমূহ আকর্ষিত হ'ব। যদিও চুক্তিখনৰ জৰিয়তে আমেৰিকাই ইউক্রেইনৰ খনিজ সম্পদৰ লগত জড়িত হ'ব, তথাপি এই খনিজ সম্পদসমূহৰ ওপৰত ইউক্রেইনৰে অধিকাৰ থাকিব বুলি উপ-প্রধানমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। আনহাতে, আমেৰিকা আৰু ইউক্রেইনৰ এই নতুন চুক্তিখনক লৈ ৰাছিয়াই এতিয়ালৈকে মুখ খোলা নাই।