ডিজিটেল ডেস্ক : পাকিস্তানৰ মধ্যস্থতাত মধ্যপ্রাচ্যৰ যুদ্ধ বন্ধ কৰাৰ বাবে চলিত সপ্তাহতে ইছলামাবাদত উপস্থিত হ'ব মার্কিন উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্স। ইৰানৰ আক্ৰমণ বন্ধ কৰি উত্তেজনা হ্রাসেৰে আলোচনাৰ এটা পৰিৱেশ সৃষ্টি কৰাৰ বাবেই ভেন্সৰ এই পাকিস্তান ভ্ৰমণৰ মূল লক্ষ্য আৰু উদ্দেশ্য হ'ব।
মার্কিন প্ৰশাসনৰ সূত্ৰই প্ৰকাশ কৰিছে এই তথ্য। অৱশ্যে, কোন দিনা ভেন্স পাকিস্তানত উপস্থিত হ'ব আৰু ক'ত আলোচনা হ'ব তাৰ কোনো তথ্য সূত্ৰটোৱে সদৰী কৰা নাই। তথ্যত প্রকাশ যে যুদ্ধৰ উত্তেজনা হ্রাস কৰি আলোচনাৰ পৰিৱেশ সৃষ্টিৰ বাবে যোৱা সময়ছোৱাত মার্কিন প্রশাসনে কূটনৈতিক প্রচেষ্টা অব্যাহত ৰাখিছে।
ভেন্সে যদিও পকিস্তানৰ সৈতে যুদ্ধ উত্তেজনা সন্দৰ্ভত কথা পাতিব কিন্তু ইৰানৰে যুদ্ধ-বিৰতি বা যুদ্ধ বন্ধ কৰা সন্দৰ্ভত উচ্চক্তৰীয় আলোচনা প্রক্রিয়া তুৰস্কতহে অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। কাৰণ এনে এখন বৈঠক পাকিস্তানত অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত নিৰাপত্তাৰ প্ৰশ্ন আহি পাৰে। উল্লেখযোগ্য যে ৱাশ্বিংটন আৰু তেহৰানৰ সম্ভাব্য আলোচনাত পাকিস্তানে মধ্যস্থতাকাৰীৰ ভূমিকা ল'ব বুলি চর্চা চলিছে।