ৰাষ্ট্ৰপতিৰ কাৰ্যভাৰ গ্ৰহণ কৰিবলৈ সাজু আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছ

Jyoti Borah September 08, 2023

ডিজিটেল ডেস্কঃ আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছে কয় যে জ’ বাইডেনে যদি তেওঁৰ কাৰ্যকাল সম্পূৰ্ণ কৰিব নোৱাৰে তেন্তে তেওঁ ৰাষ্ট্ৰপতিৰ কাৰ্যভাৰ গ্ৰহণ কৰিবলৈ সাজু৷ অভেল অফিচৰ বাবে তেওঁ কিদৰে সাজু বুলি সোধাত হেৰিছে কয় যে প্ৰয়োজন হ’লে ৰাষ্ট্ৰপতি হিচাপে দায়িত্ব লোৱাটো তেওঁৰ কামৰ এটা গুৰুত্বপূৰ্ণ অংশ৷
 বাইডেনৰ বয়স [৮০ বছৰ] আৰু তেওঁৰ গধুৰ দায়িত্বৰ বিষয়ে সোধা প্ৰশ্নৰ উত্তৰ দিবলৈ প্ৰথমতে হেৰিছে এৰাই চলিবলৈ বিচাৰিছিল৷ এছচিয়েটেড প্ৰেছৰ সাংবাদিক ক্ৰিছ মেগেৰিয়ানে হেৰিছক এইবুলি প্ৰশ্ন কৰে, ‘ৰাষ্ট্ৰপতিৰ বয়স আৰু প্ৰয়োজন হ’লে আপুনি কেনেকৈ সেই দায়িত্ব পালন কৰিব সেই বিষয়ে সঘনে প্ৰশ্নৰ উদ্ৰেক হয়৷ আপুনি সেই সম্ভাৱনাৰ বাবে নিজকে প্ৰস্তুত বুলি অনুভৱ কৰেনে? উপ-ৰাষ্ট্ৰপতি হিচাপে পালন কৰা দায়িত্বই আপোনাক সেই [ৰাষ্ট্ৰপতিৰ] দায়িত্বৰ বাবে প্ৰস্তুত কৰিছে নেকি?’ জাকাৰ্টাত আছিয়ান শীৰ্ষ সন্মিলনত বাইডেনক প্ৰতিনিধিত্ব কৰা ৫৮ বছৰীয়া হেৰিছে তেতিয়া উত্তৰ দিয়ে, ‘হয়৷’ ‘কিন্তু আপোনাৰ প্ৰশ্নটো কাল্পনিক৷ কিন্তু জ’ বাইডেন ঠিকে থাকিব৷ কিন্তু আমি লগতে এইটোও বুজিব লাগিব যে প্ৰতিজন বা প্ৰতিগৰাকী উপ-ৰাষ্ট্ৰপতিয়ে জানে যে যেতিয়া তেওঁলোকে শপত লয় তেতিয়া তেওঁলোকে ৰাষ্ট্ৰপতিৰ দায়িত্ব ল’বলগীয়া হ’ব পাৰে বুলিও সাজু থাকিব লাগিব৷ ময়ো তাৰ ব্যতিক্ৰম নহওঁ,’ তেওঁ কয়৷
 উল্লেখযোগ্য যে নৱেম্বৰত বাইডেনে ৮১ বছৰত ভৰি দিব আৰু তেৱেঁই আমেৰিকাৰ আটাইতকৈ বেছি বয়সীয়া ৰাষ্ট্ৰপতি৷ অহা বছৰৰ নিৰ্বাচনত তেওঁ দ্বিতীয়টো কাৰ্যকালৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ বিচাৰিছে৷ জানিব পৰা মতে, ৰাজহুৱাভাৱে প্ৰশংসা কৰিলেও বাইডেনে হেৰিছক ভাল নাপায়৷

Share This