মধ্য প্রাচ্যলৈ অগ্ৰসৰ আমেৰিকাৰ যুদ্ধ জাহাজ

dainik janambhumi June 17, 2025

ডিজিটেল ডেস্ক : ইৰানৰ ক্ষেপণাস্ত্র আক্রমণে সোমবাৰে পুৱা ইজৰাইলৰ ৰাজধানী মহানগৰখনত থকা আমেৰিকাৰ দূতাৱাসকো লক্ষ্য কৰি লয়। ইৰানৰ ক্ষেপণাস্ত্র আক্রমণত আমেৰিকাৰ দূতাৱাসৰ সামান্য ক্ষতি হোৱা বুলি কোৱা হৈছে আৰু কোনো লোক হতাহত হোৱা নাই। ইয়াৰ ফলত মধ্য প্রাচ্যত উত্তেজনা অধিক বৃদ্ধি পোৱাৰ আশংকা অধিক বৃদ্ধি পাইছে। ইয়াৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে মধ্য প্রাচ্যত নৌসেনা জাহাজ মোতায়েনৰ নিৰ্দেশ দিয়ে। ইয়াৰ ফলত আমেৰিকাও যুদ্ধত চামিল হোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে। উল্লেখযোগ্য যে ৰাষ্ট্রপতি ট্রাম্পে ইৰানক এই বুলি সতৰ্ক কৰি দিছিল যে আমেৰিকাৰ কোনো কূটনৈতিক বা সামৰিক স্থানক লক্ষ্য কৰি ল'লে তেহৰানে গুৰুতৰ পৰিণাম ভোগ কৰিব লাগিব আৰু আমেৰিকাৰ সেনাই সম্পূৰ্ণ শক্তিৰে ইৰানত আক্ৰমণ কৰিব। 

চি এন এনে প্ৰকাশ কৰা এটা বাতৰিত কোৱা হৈছে যে ইৰানে কালিৰ নিশাৰ পৰা আজি পুৱালৈকে ডেৰ শতাধিক ক্ষেপণাস্ত্ৰৰে ইজৰাইলত আক্রমণ কৰে। ইয়াৰে একাংশ আমেৰিকাৰ দূতাৱাসৰ কাষত কৰে। ইৰানৰ ক্ষেপণাস্ত্ৰই দূতাৱাসটোৰ প্ৰাচীৰ কিছু ক্ষতি কৰে আৰু খিৰিকী ভাঙি পৰে। আক্ৰমণটোৰ পাছতে দূতাৱাসটো সাময়িকভাবে বন্ধ কৰি দিয়া হয়। ইজৰাইলত থকা আমেৰিকাৰ ৰাষ্ট্ৰদূত মাইক হুকাবীয়ে এই কথা নিশ্চিত কৰে। তেওঁ কয়, 'ইজৰাইলত থকা আমাৰ দূতাৱাস আৰু বাণিজ্যিক দূতাবাস আজি আনুষ্ঠানিকভাৱে বন্ধ ৰখা হৈছে। টেল আভিভত দূতাৱাসৰ কাষত ইৰানৰ ক্ষেপণাস্ত্র আক্রমণে সামান্য ক্ষতিসাধন কৰে। বৰ্তমান সকলো কৰ্মচাৰী সুৰক্ষিত । আৰু তেওঁলোকক নিৰাপদ স্থানত থাকিবলৈ কোৱা হৈছে। ইফালে ট্রাম্পৰ  নির্দেশৰ পাছতে আমেৰিকাৰ বিমান পৰিবাহী যুঁজাৰু জাহাজ ইউ এছ এছ নিমিৎজ সোমবাৰে পুৱা দক্ষিণ চীন সাগৰৰ পৰা পশ্চিম দিশত অগ্ৰসৰ হয়।জাহাজখনক ভিয়েটনামৰ ডানাং বন্দৰত আদৰণি জনোৱাৰ এটা অনুষ্ঠান বাতিল কৰা হয়। হানয়ত থকা আমেৰিকাৰ ৰাষ্ট্ৰদূতজনে কয় যে অভিযানৰ সময়ত জৰুৰী প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি জাহাজখন তাৰ পৰা ৰাওনা হয়। শ্বিপ ট্রেকিং ডাটাৰ পৰা জানিব পৰা মতে জাহাজখনে মধ্যপ্রাচ্যৰ দিশৰ পথেৰে ৰাওনা হৈছে। ইয়াৰ উপৰি ইউ এছ এছ থিয় 'ডৰ আৰু ইউ এছ এছ আব্রাহাম লিংকনৰ দৰে বিমান পৰিবাহী যুঁজাৰু জাহাজক পাৰস্য উপসাগৰ আৰু লোহিত সাগৰত মোতায়েন কৰাৰ নিৰ্দেশ দিয়ে ট্রাম্পে। 

আমেৰিকাৰ নৌসেনাৰ জাহাজ কেৱল ইজৰাইলক সুৰক্ষা দিয়াৰ কাৰণেই নহয়, ইৰানৰ প্ৰতিশোধমূলক ব্যৱস্থা প্রতিহত কৰাৰ বাবে মধ্য প্রাচ্যত মোতায়েন কৰা হৈছে। ৰাষ্ট্ৰপতি ট্রাম্পে ইৰানক সৰ্বাধিক হেঁচা দিয়াৰ লক্ষ্যৰে এই যুঁজাৰু জাহাজবোৰ মধ্য প্রাচ্যত মোতায়েন কৰাৰ নিৰ্দেশ দিয়ে, যাতে তেহৰানে নিজৰ পাৰমাণৱিক কার্যসূচী পৰিহাৰ কৰে। ইফালে দেওবাৰে সন্ধিয়া আমেৰিকাৰ বায়ু সেনাৰ এৰিয়েল ৰিফুৱেলিং টেংকাৰ বিমান প্রশান্ত মহাসাগৰৰ ওপৰেৰে পূব দিশেৰে আগবাঢ়ে। কে চি-১৩৫ আৰ আৰু কে চি-৪৬ এসহ প্রায় ২৮খন টেংকাৰ বিমান মধ্য প্রাচ্য অভিমুখে ৰাওনা হয়। এই টেংকাৰসমূহে আকাশত বিমানত ইন্ধন ভৰোৱাৰ কাম কৰে। এই টেংকাৰ বিমানবোৰৰ সৈতে যুঁজাৰু বিমান আহিছেনে নাই সেই কথা জানিব পৰা হোৱা নাই। ইফালে ইৰান-ইজৰাইলৰ যুদ্ধক লৈ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ এখন জৰুৰী বৈঠক আহবান কৰা হৈছে।

Share This