মার্কিন হোৱাইট হাউছে প্রকাশ কৰিলে ফেক্ট-শ্বীট, ভাৰত-আমেৰিকাৰ বাণিজ্য চুক্তিত সালসলনি

dainik janambhumi February 12, 2026

ডিজিটেল ডেস্ক : হোৱাইট হাউছে ভাৰত-অমেৰিকাৰ বাণিজ্য চুক্তি বিষয়ত প্ৰকাশ কৰা ফেক্ট-শ্বীটত গুৰুত্বপূৰ্ণ সালসলনি ঘটাইছে। এই ফেক্ট-শ্বীটত 'দাইল'ৰ বিষয়ত থকা তথ্য উঠাই লোৱা হৈছে। তদুপৰি, ভাৰতৰ ৫০০ বিলিয়ন ডলাৰৰ প্ৰস্তাৱিত ক্ৰয়ৰ বিষয়টোত সালসলনি ঘটোৱা হৈছে। আমেৰিকাৰ হোৱাইট হাউছে মঙলবাৰে বাণিজ্য চুক্তিৰ বিষয়ত জাৰি কৰা ফেক্ট-শ্বীটত কয় যে ভাৰতে সকলো আমেৰিকাৰ কৃষিজাত উৎপাদিত সামগ্রীত শুল্ক হ্রাস কৰিব অথবা নাইকিয়া কৰিব। 

হোৱাইট হাউছে প্রকাশ কৰা তথ্য অনুসৰি, ভাৰতে সকলো মার্কিন খাদ্য-সামগ্ৰী আৰু কৃষিজাত সামগ্রীত শুল্ক প্রত্যাহাৰ কৰিব অথবা নাইকিয়া কৰিব। ইয়াৰ ভিতৰত সতেজ আৰু সংসাধিত ফল-মূল, ছয়াবিন তেলৰ দৰে সামগ্ৰী থাকিব। 

উল্লেখযোগ্য যে ভাৰত হৈছে বিশ্বৰ ভিতৰতে সর্বাধিক দাইল উৎপাদনকাৰী দেশ। ভাৰতীয় কৃষকৰ স্বাৰ্থ-সুৰক্ষিত কৰিবলৈ এই কেটেগৰীত নতুন দিল্লীয়ে আমেৰিকাৰ কৃষিজাত সামগ্রীত শুল্ক আৰোপ কৰিছিল যদিও আমেৰিকাৰ শেহতীয়া তথ্যই প্রমাণ কৰে যে নতুন দিল্লীয়ে মার্কিন সামগ্রী ক্রয় কৰিবই লাগিব শেহতীয়াকৈ স্বাক্ষৰিত বাণিজ্য চুক্তি অনুসৰি।

Share This