আমেৰিকাৰ আক্ৰমণ অব্যাহত থাকিলে বন্ধ কৰিব বাব আল-মান্দাৰ প্ৰণালী

dainik janambhumi March 27, 2026

ডিজিটেল ডেস্ক : আমেৰিকাই আক্রমণ অব্যাহত ৰাখিলে আন এক অতি গুৰুত্বপূৰ্ণ জলপথ বন্ধ কৰাৰ ভাবুকি দিছে ইৰানে। বিশ্বৰ সাগৰীয় পৰিবহণ ব্যৱস্থাৰ এটা গুৰুত্বপূর্ণ পথ হৈছে 'বাব আল-মান্দাব' প্রণালী। 

য়েমেনৰ ইৰান সমৰ্থিত 'হুথি' বিদ্রোহী বাহিনীয়ে শীঘ্ৰেই ইৰানৰ হৈ মধ্যপ্রাচ্যৰ যুদ্ধাখনত অংশ লোৱাৰ সম্ভাৱনা আছে। যদি হুথি বিদ্রোহী গোট ইৰানৰ সমৰ্থনত যুদ্ধত নামে তেন্তে বাব আল-মান্দাব বা মান্দাব প্রণালী ইৰানে বন্ধ কৰি দিব পাৰে। আমেৰিকা আৰু ইজৰাইলে আক্রমণ অব্যাহত ৰাখিলে এই প্রণালী শীঘ্রে বন্ধ কৰি দিয়াৰ ভাবুকি দিছে তেহৰানে। 

উল্লেখযোগ্য যে লোহিত সাগৰ আৰু চুয়েজ কেনেলক ভাৰত মহাসাগৰেৰে সংযোগ ঘটাইছে এই মান্দাৰ প্রণালীয়ে। বিশ্ব বাণিজ্যৰ ক্ষেত্ৰত এই প্রণালী আন এক গুৰুত্বপূৰ্ণ জলপথ। এই বিশ্বৰ চতুৰ্থ সর্ববৃহৎ জাহাজ পথ মান্দাব প্রণালীৰে বিশ্বৰ এক পঞ্চমাংশ খাৰুৱা তেল আৰু তৰলীকৃত প্রাকৃতিক গেছ পৰিবহণ হয়। হৰমুজ প্রণালীৰ পাছত এতিয়া ইৰানে মান্দাৰ প্রণালীও যদি বন্ধ কৰি দিয়ে তেন্তে সমগ্র বিশ্বই এক ভয়াৱহ সংকটৰ সন্মুখীন হোৱাটো নিশ্চিত।

Share This