ৰাহুল গান্ধীৰ বিৰুদ্ধে কৰা আৱেদন খাৰিজ উত্তৰ প্ৰদেশৰ আদালতৰ

dainik janambhumi May 29, 2025

ডিজিটেল ডেস্ক : যোৱা মাহত আমেৰিকাৰ এখন বিশ্ববিদ্যালয়ত ভাষণ দিয়াৰ সময়ত ভগৱান ৰামৰ বিষয়ত বিৰূপ মন্তব্য কৰাৰ অভিযোগ তুলি কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে দাখিল কৰা, এখন আৱেদন উত্তৰ প্ৰদেশৰ এখন আদালতে মঙলবাৰে খাৰিজ কৰিছে। 

অধিবক্তা হৰিশংকৰ পাণ্ডেই দাখিল কৰা আৱেদনখন উত্তৰ প্ৰদেশৰ এখন এম পি এম এল এ আদালতৰ অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশ নীৰজ কুমাৰ ত্রিপাঠীয়ে অগ্রাহ্য কৰে। 

দণ্ডাধীশজনে কয় যে ভাৰতীয় নাগৰিক সংহিতাত থকা ব্যবস্থা অনুসৰি, এনেধৰণৰ অভিযোগেৰে আৱেদন দাখিল কৰাৰ পূৰ্বে কেন্দ্রীয় বা ৰাজ্য চৰকাৰ অথবা জিলা দণ্ডাধীশৰ অনুমতি লোৱাৰ প্ৰয়োজন।

Share This