ডিজিটেল ডেস্কঃ উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীৰ সচিব তথা গাড়োৱাল জিলাৰ আয়ুক্ত বিনয় শংকৰ পাণ্ডেয়ে সোমবাৰে ঘোষণা কৰে যে চাৰি ধাম যাত্ৰা আৰু হেমকুণ্ড চাহিব যাত্রা ৫ ছেপ্টেম্বৰলৈকে স্থগিত ৰখা হৈছে। বতৰ বিজ্ঞান বিভাগে প্রবল বৰষুণৰ বাবে ৰে'ড এলাৰ্ট আৰু য়েল্ল' এলার্ট (সতৰ্ক) জাৰি কৰাৰ মাজতে চৰকাৰে এই সিদ্ধান্ত লয়।
উল্লেখযোগ্য যে উত্তৰাখণ্ডৰ চাৰি ধাম যাত্ৰাৰ অৰ্থ হৈছে কেদাৰনাথ, বদ্রীনাথ, গংগোত্ৰী আৰু যমুনোত্রী যাত্রা।
একেৰাহে সপ্তম দিনাও স্থগিত বৈষ্ণোদেৱী যাত্রা: প্রতিকূল বতৰ আৰু যাত্রাপথত নিৰাপত্তাৰ দুশ্চিন্তাৰ বাবে সোমবাৰে একেৰাহে সপ্তম দিনা বন্ধ ৰখা হয় জম্মু-কাশ্মীৰৰ বৈষ্ণোদেবী যাত্রা। ইফালে, কাটৰাত থকা বে'ছ কেম্পত এক নিমাওমাও পৰিৱেশে বিৰাজ কৰিছে। তীর্থযাত্রা পুনৰ আৰম্ভলৈ মাত্ৰ কেইজনমান তীৰ্থযাত্ৰীয়েহে অপেক্ষা কৰি আছে।