ডিজিটেল ডেস্কঃ এক ভয়ংকৰ পথ দুৰ্ঘটনাত একেটা পৰিয়ালৰ ৫জন সদস্যই কৰুণ মৃত্যুক সাবটি লয়।এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে ৮জন লোক। আহত কেইজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। উত্তৰ প্ৰদেশৰ বলৰামপুৰ-তুলসীপুৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা। মাজনিশা সংঘটিত হোৱা দুৰ্ঘটনাটোত ৫জন লোকৰ থিতাতে মৃত্যু হয়।
ঘটনা অনুসৰি এখন গাড়ী আৰু দ্ৰুতবেগী ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষত এটা পৰিয়ালৰ ৫জন সদস্য নিহত হোৱাৰ লগতে আন ৮জন আহত হয়। আৰক্ষী বিষয়াই জনোৱা মতে, বুধবাৰ আৰু বৃহস্পতিবাৰৰ মাজৰ নিশা ডেহাট থানা এলেকাৰ চকৱা গাঁৱৰ সমীপত বিয়াঘৰৰ পৰা উভতি আহি থকা অৱস্থাত তেওঁলোকৰ গাড়ীখনক দ্ৰুতবেগী ট্ৰাকে খুন্দা মাৰে। এই সংঘৰ্ষ ইমানেই ভয়াৱহ আছিল যে গাড়ীখন চূৰ্ণ-বিচূৰ্ণ হোৱাৰ লগতে একেটা পৰিয়ালৰ পাঁচজন সদস্যৰ থিতাতে মৃত্যু হয়।
গুৰুতৰভাৱে আহত হোৱা আন ৮জন লোকক চিকিৎসালয়লৈ লৈ যোৱা হয়। ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে জিলা দণ্ডাধীশ পৱন আগৰৱালা আৰু আৰক্ষী অধীক্ষক বিকাশ কুমাৰে চিকিৎসালয়খন পৰিদৰ্শন কৰি আহতসকলক সম্ভৱপৰ উত্তম চিকিৎসা প্ৰদান কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে।
ইফালে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে বলৰামপুৰ জিলাৰ এই পথ দুৰ্ঘটনাত মৃত্যু হোৱা লোকক লৈ গভীৰ শোক প্ৰকাশ কৰিছে। মুখ্যমন্ত্রীৰ কার্যালয়ৰ তথ্য অনুসৰি তেওঁ মৃতকৰ শোকসন্তপ্ত পৰিয়ালবর্গলৈ সমবেদনা জ্ঞাপন কৰে৷ আহতসকলৰ চিকিৎসাৰ বাবে সকলো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষী প্ৰশাসনক নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।
দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে ট্ৰাকখনৰ চালকজনে পলায়ন কৰে। অৱশ্যে ট্ৰাকখন জব্দ কৰা হৈছে। ট্ৰাকখনৰ মালিক আৰু চালকৰ সন্ধান অব্যাহত আছে। শীঘ্ৰে ট্ৰাক চালকজনক গ্ৰেপ্তাৰ কৰা হ’ব বুলি জনাইছে আৰক্ষীয়ে। এই কৰুণ ঘটনাই সমগ্ৰ অঞ্চলজুৰি পেলাইছে গভীৰ শোকৰ ছাঁ।
উৎস: প্ৰাগ নিউজ ডিজিটেল