স্বামীৰ দীঘল দাঢ়ি ভাল নালাগে! ক্লীন ছেভ দেওৰেকৰ সৈতে পলায়ন পত্নীৰ

Rashmi May 03, 2025

ডিজিটেল ডেস্কঃ দীঘল দাঢ়িৰ বাবেই এখন সংসাৰ ভাগিল। স্বামীৰ দীঘল দাঢ়ি একেবাৰে পচন্দ নহয় পত্নীৰ, তেওঁ বাৰে বাৰে স্বামীক দাঢ়ি কাটিবলৈ কয়¸ কিন্তু পত্নীৰ কথাত অকণো কাণষাৰ নিদিয়ে স্বামীয়ে, ফলত ঘটিল অথন্তৰ। মাত্ৰ ৭মাহ পূৰ্বে বিবাহপাশত আৱদ্ধ হৈছিল দুয়ো। স্বামীৰ নাম ছাকিৰ আৰু পত্নীৰ নাম আৰ্শী। 

স্বামীৰ ওপৰত নাজাৰ হৈ পত্নীয়ে দেওৰেকৰ সৈতে পলায়ন কৰে। ক্লীন ছেভ দেওৰেকৰ ৰূপে মোহিত কৰিছিল আৰ্শীক। নতুনকৈ সংসাৰ গঢ়াৰ সপোন দেখি তেওঁ দেওৰেকৰ সৈতে পলাই যোৱাৰ সিদ্ধান্ত লয়। 

উত্তৰ প্ৰদেশৰ মেৰুটত ঘটিছে এই ঘটনা। মুছলমান স্বামীৰ দাঢ়িৰ বাবেই দেওৰেকৰ সৈতে পলায়ন কৰা পত্নীৰ ঘটনাই শিৰোনাম দখল কৰিছে। বিয়াৰ মাত্ৰ ৭মা্হ পাছতে মহিলাগৰাকীয়ে পৰিষ্কাৰকৈ চুলি-দাঢ়ি কটা দেওৰেকৰ সৈতে পলায়ন কৰে। পাছত পৰিয়াল আৰু আৰক্ষীৰ নিৰ্দেশত দুয়ো নিজৰ স্থানলৈ ঘূৰি আহিবলৈ বাধ্য হয়।

থানাত পত্নীয়ে স্বামীক নপুংসক বুলি অভিযোগ কৰি তেওঁৰ লগত থাকিবলৈ অস্বীকাৰ কৰে। স্বামীয়েও স্পষ্টকৈ কয় যে তেওঁ দাঢ়িৰ বাবে এগৰাকী নালাগে ১০ গৰাকী পত্নীকো কোৰবান দিবলৈ সাজু।

স্বামী ছাকিৰে অভিযোগ কৰি কয় যে তেওঁৰ পত্নীয়ে তেওঁক দাঢ়ি কাটিবলৈ হেঁচা প্ৰয়োগ কৰিছিল। তেওঁ নাকচ কৰাত সেয়ে তাই ঘৰৰ পৰা পলাই গ’ল। ছাকিৰে কয় যে আৰ্শী নামাজ, বোৰ্খা আৰু ধৰ্মীয় বিষয়ৰ বিৰোধী আছিল। ছাকিৰে লগতে কয় যে তেওঁ নিজৰ ধৰ্মক পত্নীতকৈ ওপৰত বুলি গণ্য কৰে। এতিয়া পঞ্চায়ত বা পৰিয়ালৰ লোকে যি সিদ্ধান্ত ল’ব, তেওঁ মানি ল’ব।

থানাত তিনি ঘণ্টা ধৰি আপোচৰ প্ৰচেষ্টা চলি থাকিল যদিও আৰ্শীয়ে স্বামীৰ লগত থাকিবলৈ অস্বীকাৰ কৰে। ছাকিৰ শাৰীৰিকভাৱে দুৰ্বল আৰু স্বামী হ’ব পৰাকৈ উপযুক্ত নহয় বুলি অভিযোগ কৰে আৰ্শীয়ে।

আৰ্শীক তিনি তালাক দিয়ে ছাকিৰে। তালাকৰ বিনিময়ত ২.৫ লাখ টকা দাবী কৰে আৰ্শীয়ে। থানাত কৰা লিখিত চুক্তিত সিদ্ধান্ত লোৱা হৈছিল যে দুয়োজনেই পৃথকে পৃথকে থাকিব। 

আৰ্শীয়ে কয় যে কেৱল দাঢ়িৰ বাবেই নহয় ছাকিৰৰ মাজত বহু কিবাকিবিৰ অভাৱ সেয়েহে তেওঁ আৰু স্বামীৰ সৈতে বসবাস কৰিব নিবিচাৰে। দেওৰেকৰ সৈতে আজীৱন একেলগে থকাৰ সিদ্ধান্ত লয় আৰ্শীয়ে। 

এই ঘটনাই এতিয়া সমগ্ৰ অঞ্চলজুৰি চৰ্চাৰ বিষয় হৈ পৰিছে।

উৎস: প্ৰাগ নিউজ ডিজিটেল

Share This