ডিজিটেল ডেস্ক : উজবেকিস্তান আৰু জর্ডানে প্রথমবাৰলৈ বিশ্ব কাপ ফুটবললৈ যোগ্যতা আহৰণ কৰিছে। আনহাতে, দক্ষিণ কোৰিয়াই একেৰাহে একাদশবাৰলৈ বিশ্ব কাপত খেলিব। আবু ঢাবিত ইউ এ ই-ৰ বিৰুদ্ধে গ'লশূন্য ড্র খেলি উজবেকিস্তানে বিশ্ব কাপৰ পাৰপত্ৰ লাভ কৰে।
এখন খেল বাকী থকা অৱস্থাত গ্রুপ 'এ'-ত ইৰানৰ পিছত থাকি বিশ্ব কাপত খেলাৰ যোগ্যতা আহৰণ কৰে উজবেকিস্তানে। ইৰাকৰ বিৰুদ্ধে ২-০ গ'লত জয়েৰে দক্ষিণ কোৰিয়াই লেথাৰিকৈ একাদশবাৰলৈ বিশ্ব কাপৰ বাবে যোগ্যতা অর্জন কৰে।
গ্রুপ 'বি'-ৰ পৰা দক্ষিণ কোৰিয়া আৰু জর্ডানে আমেৰিকা, কানাডা আৰু মেক্সিকোত হ'বলগীয়া ২০২৬ বিশ্ব কাপৰ পাৰপত্ৰ লাভ কৰে। জর্ডানে ওমানক ৩-০ গ'লত হৰুৱায়। ইণ্ডোনেছিয়াৰ হাতত ১-০ গ'লত পৰাজয়েৰে চীনে বিশ্ব কাপলৈ যোগ্যতা অর্জনত ব্যর্থ হয়।