ডিজিটেল ডেস্ক: ৰাজস্থান ৰয়েলছৰ অ'পেনাৰ ১৫ বছৰীয়া বৈভৱ সূর্যবংশীয়ে কালি আই পি এলত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে মেচখনত মাত্ৰ ১৫টা বলত অর্ধশতক আৰু তাৰ পাছত মাত্র ৩৬টা বলত চেঞ্চুৰী কৰি ইতিহাসৰ সৃষ্টি কৰে। বৈভৱে তেওঁৰ ৩৭টা বলত কৰা ১০৩ ৰানৰ ইনিংছটোত ৫টা চাৰি আৰু ১২টা ছয় মাৰে। তেওঁ এই ইনংছটোৰ জৰিয়তে কেইবাটাও অভিলেখ ভংগ কৰে।
আই পি এলত ১৫ বছৰ বয়সত তেওঁৰ এইটো দ্বিতীয় চেঞ্চুৰী। আনহাতে তেওঁ আই পি এলত তৃতীয়বাৰলৈ ১৫টা বলত অর্ধশতৰান সম্পূৰ্ণ কৰি আন এক কৃতিত্ব অর্জন কৰে। আনহাতে তেওঁৰ ৩৬টা বলত ১০০ ৰান সম্পূৰ্ণ কৰি আই পি এলৰ ইতিহাসত তৃতীয় দ্রুততম চেঞ্চুৰীৰ অভিলেখ গঢ়ে। আই পি এলত আটাইতকৈ কম বলত চেঞ্চুৰী কৰাৰ অভিলেখ আছে ক্ৰিছ গেইলৰ (৩০টা বল)। আনহাতে বৈভৱে যোৱা বছৰ ৩৫টা বলত চেঞ্চুৰী সম্পূৰ্ণ কৰিছিল। ইফালে কালি তেওঁ টি-২০ ক্রিকেটত আটাইতকৈ কম বয়সত কৰে। ইয়াৰ লগতে তেওঁ টি-২০ ক্রিকেটত আটাইতকৈ কম বলত ১০০০ ৰান সংগ্ৰহ কৰিও আন এক অভিলেখৰ সৃষ্টি কৰে।
ইফালে বৈভৱৰ বেটেৰে কালি পুনৰ ৰানৰ বৰষুণ হোৱা সত্ত্বেও ৰাজস্থান ৰয়েলছে নিম্ন মানৰ ফিল্ডিঙৰ বাবে নিজৰ পৰাজয় প্ৰতিৰোধ কৰিব নোৱাৰিলে। ৰাজস্থানে প্রথমে বেটিং কৰি হায়দৰাবাদৰ সন্মুখত ২২৯ ৰানৰ জয়ৰ লক্ষ্য বান্ধি দিয়ে। অধিনায়ক ঈশান কিষাণৰ বিস্ফোৰক ৭৪ ৰান আৰু অ'পেনাৰ অভিষেক শৰ্মাৰ ৫৭ ৰানৰ সহায়ত হায়দৰাবাদে ৫ উইকেট হেৰুৱাই সহজেই জয়ৰ লক্ষ্যত উপনীত হয়। ঈশানৰ ৩১টা বলৰ ইনিংছটোত আছিল ১১টা চাৰি আৰু ৩টা ছয়। অভিষেকে ১১টা চাৰি আৰু ১টা ছয় মাৰে। আনহাতে নীতিশ কুমাৰ ৰেড্ডীয়ে ১৮টা বলত ৩৬ ৰান কৰে। ইয়াৰ আগতে ৰাজস্থানে প্রথমে বেটিং কৰি ২০ অ'ভাৰত ৬টা উইকেট হেৰুৱাই ২২৮ ৰান কৰে। উইকেট কীপাৰ বেটাৰ ধ্ৰুৱ জুৰেলে ৩৫টা বলত ৮টা চাৰি আৰু ১টা ছয়েৰে ৫১ ৰান কৰে। ডন'ভান ফেৰেইৰাই ৩৩ ৰানৰ অৱদান আদগবঢ়ায়।
ইফালে কালি পৰাজিত হোৱাৰ পাছত ৰাজস্থান ৰয়েলছে এইবাৰৰ প্ৰতিযোগিতাত এতিয়ালৈকে ৮খন মেচৰ ৫খনত জয়ী আৰু তিনিখনত পৰাজিত হৈ ১০ পইন্টেৰে পইণ্টৰ তালিকাত চতুর্থ স্থানলৈ অৱনমিত হয়। আনহাতে হায়দৰাবাদে সমসংখ্যক মেচত পাঁচখনত জয়ী আৰু চাৰিখনত পৰাজিত হৈ ১০ পইন্ট্রে উন্নতা ৰানৰেটত তৃতীয় স্থান অধিকাৰ কৰে।